যৌথ সংবাদ মেলত ক্ষোভ প্ৰকাশ কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে

5f237c79 cabd 4c54 96c7 b48a168d1909

বিজেপি বিৰোধী স্থিতি ল’ব আছা -আক্ৰাছু: ষ্টিফেন লাক্ৰা

আজি চিৰাঙৰ চম্পাৱতি পথাৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ৰ হিতেশ গোট আৰু সদৌ আদীবাসী ছাত্ৰ সন্থা(আছা)ৰ ষ্টিফেন লাক্ৰা গোটে যৌথ ভাৱে জনজাতিকৰণ আৰি বিটিআৰ চুক্তিৰ বিৰোধিতাৰে আয়োজন কৰিছিল গণ সমাৱেশৰ । কিন্ত প্ৰশাসনে অন্তিম সময়ত উক্ত গণ সমাৱেশৰ অনুমতি প্ৰদান নকৰিলে। আজি বিয়লি ২ বজাত বঙাইগাঁও প্ৰেচ ক্লাৱত আয়োজিত এক যৌথ সংবাদ মেলত ক্ষোভ প্ৰকাশ কৰে আক্ৰাছুৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনে।

তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে আদীবাসী আৰু কোচ ৰাজবংশী সকলক দমন কৰি ৰাখিব বিচাৰিছে। জনজাতী কৰণৰ বিষয়টো লৈ নিৰ্ব্বাচনি বৈতৰণি পাৰ কৰিব বিচাৰিছে। সেয়া আমি মানি নলও। আমাৰ সকলো অধিকাৰ কাঢ়িলৈ আমাৰ অজ্ঞাতে বিটিআৰ চুক্তি কৰিলে যি চুক্তিয়ে আমাৰ ৰাজনৈতিক অধিকাৰ,ভূমিৰ অধিকাৰকে আদি কৰি সকল কাঢ়ি ললে । লগতে তেওঁ কয় যে, অহা ১২ডিচেম্বৰ পাছত আমি বিজেপি বিৰোধি স্থিতিৰে তিব্ৰ আন্দোলন কৰিম ।

আজি ৰাতিপুৱাৰে পৰা আৰক্ষীয়ে হিতেশ্বৰ বৰ্মনক ঘৰতে আৱদ্ধ কৰি ৰখাৰো চেষ্টা চলোৱা বুলি অভিযোগ কৰে নেতা জনে। সংবাদ মেলত আক্ৰাছুৰ সভাপতি কৰ্মেশ্বৰ ৰায়ে কয় অভিযোগ কৰি কয় যে ,আমি গণতান্ত্ৰিক পদ্ধতিত গণ সমাৱেশ অনুষ্টিত কৰিব বিচাৰিছিলো যৌথ ভাৱে । কিন্ত আমাক প্ৰশাসনে অনুমতি প্ৰদান নকৰিলে । আমাক বাধা প্ৰদানেৰে দমন কৰিব নোৱাৰিব। আমি তিব্ৰ আন্ধোলন গঢ়ি তুলিম বুলি নেতাগৰাকীয়ে সকীয়নি দিয়ে বিজেপি চৰকাৰক। সংবাদ মেলত আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই মন্তব্য আজি গণ সমাৱেশৰ অনুমতি প্ৰদান নকৰি আমাৰ বাক স্বাধীনতাৰ অধিকাৰ খৰ্ব কৰিছে । দমন মুলক নীতি লৈছে চৰকাৰে।

বিজেপি চৰকাৰে জনজাতিকৰণ নকৰিলে কিন্ত অধিক সংখ্যক লোকক আওকান কৰি বিটিআৰ চুক্তি কৰিলে । যি চুক্তিয়ে আমাৰ সকলো অধিকাৰ খৰ্ব কৰিছে । যিখন চুক্তিত আদীবাসী,ৰাজবংশি বা অন্যান্য খিলঞ্জীয়া লোকৰ কোনো অধিকাৰ নাথাকিব সেয়া কিহৰ চুক্তি বুলি প্ৰশ্ন কৰে লাক্ৰাই । তেওঁ আৰু কয় যে, আমি বড়ো জনগোষ্টীৰ বিৰোধিতা কৰা নাই । কিন্ত আমি আমাৰ অধিকাৰ এৰিব বিচৰা নাই । আমি জাতীয় স্বাৰ্থত ওলাই আহিছো জাতীৰ অধিকাৰৰ বাবে মাত মাতিছো । অহা বিধান সভাৰ নিৰ্ব্বাচনৰ পুৰ্বে জনজাতিকৰণ নহলে বিজেপিৰ বিৰোধিতা কৰাৰ কথাও স্পষ্ট ভাৱে কয় ষ্টিফেন লাক্ৰাই।

Exit mobile version