ভাৰতৰ কৃষি আইন বিৰোধী আন্দোলনৰ প্ৰতি উদ্বেগ কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ

images 4

নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কৃষকসকলৰ আন্দোলনক লৈ এইবাৰ মুখ খুলিলে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে । তেঁৱেই বিশ্বৰ প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে ভাৰতৰ কৃষক প্ৰতিবাদক লৈ উদ্বেগ প্ৰকাশ কৰিছে । কৃষকসকলৰ পক্ষত তেওঁ কয়, শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰৰ বাবে কানাডা সকলো‌ সময়তে কৃষকসকলৰ লগত থাকিব ।

তেওঁ গুৰুনানকৰ ৫৫১তম জন্মদিন উপলক্ষ্যে অনলাইন যোগে কানাডাৰ শিখ সম্প্ৰদায়ৰ এখন অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । তাতেই তেওঁ ভাৰতৰ কৃষক প্ৰতিবাদৰ কথা উত্থাপন কৰে । কৃষক প্ৰতিবাদৰ বিষয়ে তেওঁ কয়, ‘ভাৰতৰ পৰা কৃষকসকলৰ প্ৰতিবাদৰ যি খবৰ আহিছে, সেয়া স্বীকাৰ নকৰিলে মোৰ অনুশোচনা হ’ব । যথেষ্ট উদ্বেগজনক হৈছে পৰিস্থিতি । আমি সকলোৱে তেওঁলোকৰ পৰিয়াল‌‌ আৰু বন্ধুবৰ্গৰ বাবে চিন্তিত ।’

ইয়াৰ পাছত তেওঁ শান্তিপূৰ্ণ প্ৰতিবাদৰ বিষয়ে মত প্ৰকাশ কৰি কয়, ‘শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ ৰক্ষাৰ বাবে  কানাডা সকলো‌ সময়তে কৃষকসকলৰ লগত থাকিব । আমি আলোচনাত বিশ্বাস ৰাখো । সেয়েহে এই উদ্বেগজনক বিষয়টো ভাৰত চৰকাৰৰ আগত ব্যক্ত কৰিম ।’ বিদেশী ৰাষ্ট্ৰ নেতাৰ এই মন্তব্যৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়াও কোনো মন্তব্য প্ৰকাশ কৰা নাই ।

Exit mobile version