বিটিআৰ চুক্তিৰ জৰিয়তে হিমন্তই বড়ো জাতিক ধ্বংস কৰিব বিচাৰিছেঃ হাগ্ৰামা মহিলাৰী

cbd8035e 1cba 4ea4 8cbb 4cd70d63256e

 বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় হৈ উঠা পৰিলক্ষিত হৈছে৷ বিভিন্ন ৰাজনৈতিক দলসমূহৰ ভিতৰত বিশেষকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধই সৰ্বাধিক চৰ্চা লাভ কৰিছে ৷ আজি শালবাৰীৰ গাতিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী শৰ্মাক উভতি ধৰে হাগ্ৰামা মহিলাৰীয়ে । মন্ত্ৰী শৰ্মাই বিপিএফ মন্ত্ৰী হাগ্ৰামাক বিটিচিৰ “চীফ” বুলি তাচিল্য কৰা মন্তব্যৰ প্ৰত্যুত্তৰত মন্ত্ৰী হাগ্ৰামাই কয়, ‘বিটিচিৰ চীফ মই নিজে হোৱা নাই ৷বিটিচিৰ সংবিধানমতে বিটিচিৰ মুৰব্বীজনক বিটিচি প্ৰধান অৰ্থাৎ চীফ আখ্যা দিয়া হৈছে ৷ চীফ শব্দটো সাংবিধানিক৷ হিমন্ত বিশ্বৰ দৰে ডক্টৰেট ডিগ্ৰীধাৰী ব্যক্তি এজনে এই কথাটো জনা উচিত৷’ উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়োৱে বিপিএফক ষড়যন্ত্ৰ কৰিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয়, ‘সেয়া বিটিআৰ চুক্তিত স্পষ্টকৈ লিখা আছে ৷

বিটিআৰ চুক্তিৰ জৰিয়তে প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰিব ওলাইছে৷’ ইফালে কালি মথনগুৰি সমষ্টিত বিজেপি বিধায়িকা আঙুৰলতা ডেকাই হাগ্ৰামাক বকাসুৰ আখ্যা দিয়াৰ প্ৰত্যুত্তৰত আঙুৰলতাক নাচোনৰ “ছক্ৰী” বুলি ৰগৰসুলভ মন্তব্য কৰি বিজেপিয়ে এসনো আসন নাপায় বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷ আজিৰ নিৰ্বাচনী সভাতে শেহতীয়াকৈ গণ সুৰক্ষা পাৰ্টী ত্যাগ কৰি বিপিএফত যোগদান কৰা মথনগুৰি সমষ্টিৰ ইব্ৰাহিম আলীয়ে নৱ কুমাৰ শৰণীয়াক ‘গাড্ডাৰ’ আখ্যা দিয়ে। তেওঁ কয় যে, নৱ শৰণীয়াই তেওঁক বলিৰ পঠা সজোৱা বাবে তেওঁ বিপিএফত যোগদান কৰে ৷ আজি বিপিএফ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বাক্সাৰ জালাহত ককলাবাৰী সমষ্টিৰ প্ৰাৰ্থী ধীৰেণ বড়ো আৰু শালবাৰীত জয় মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । সভাখনত কৌতুক অভিনেতা বিপুল ৰাভা আৰু কণ্ঠশিল্পী ভৃগু কাশ্যপো উপস্থিত থাকে ।

Exit mobile version