দীর্ঘ প্রচেষ্টাৰ অন্তত আন্তর্জাতিক মহাকাশ কেন্দ্ৰত অসাধ্য সাধন

iss064e004234

????????????

মাধ্যাকর্ষণ শক্তি মহাশূন্যত নাই বুলিবই পাৰি। অথচ সেই মহাশূন্যতে এইবাৰ মূলাৰ খেতি কৰিলে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। দীর্ঘ প্রচেষ্টাৰ অন্তত নাছাৰ বিজ্ঞানীসকলে এই অসাধ্য সাধন কৰে। ইণ্টাৰনেচনেল স্পেচ ষ্টেচন’ (আইএছএছ) নামৰ যিটো কৃত্রিম উপগ্রহে দীর্ঘদিন ধৰি পৃথিৱীক প্রদক্ষিণ কৰি আছে, তাতেই তেওঁলােকে এই চমকপ্রদ পৰীক্ষাত সফলতা অর্জন কৰিছে। পৃথিৱীৰ পৰা চন্দ্ৰ আৰু মঙললৈ জনবসতি বিস্তাৰৰ লক্ষ্য বাস্তৱায়িত কৰাৰ বাবে বিজ্ঞানীসকলে দিনে-নিশাই পৰিশ্ৰম কৰি আছে। তাৰ বাবে পৰিয়াল-আপােনজনক এৰি মাহৰ পাছত মাহ ধৰি মহাশূন্যতে উপঙি থাকে মহাকাশচাৰীসকল।

মহাশূন্যত যাতে মহাকাশচাৰীসকলে প্রয়ােজনীয় ভিটামিন আৰু খনিজ দ্রব্য পাব পাৰে, তাৰ বাবে বহুদিনৰ আগৰ পৰাই মহাশূন্যতে খেতি কৰাৰ প্রচেষ্টা অব্যাহত আছিল। অৱশেষত মূলা খেতিৰ মাধ্যমেৰে বিজ্ঞানীসকলে সফলতা লাভ কৰিবলৈ সক্ষম হ’ল। আইএছএছ’ৰ কলম্বাছ লেবৰেটৰী মডিউলৰ ‘প্লেন্ট হেবিটেট-২’ত বীজৰ পৰা মূলাৰ গছ গজি উঠাৰ ফটোও প্রকাশ কৰিছে নাছাই। ফটো দেখা গৈছে, এটা চাৰি চুকীয়া বাকচৰ ভিতৰত বিশেষ প্রক্রিয়াৰে গজি উঠা ২০টা সেউজ পাত সম্বলিত মূলাৰ পুলি।

ইমানবােৰ পাচলি থকা সত্ত্বেও মূলাকেই কিয় বাছি লােৱা হ’ল, ইয়াৰ সপক্ষেও বিজ্ঞানীসকলে যুক্তি দাঙি ধৰিছে।তেওঁলােকে জনায় যে মূলাৰ খেতি কৰিবলৈ বেছি সময়ৰ প্ৰয়ােজন নহয়। মূলা কেঁচাই চোবাই খাবও পাৰি। লগতে ইয়াৰ পুষ্টিগুণে বেছি। সেইবাবেই মহাশূন্যত মূলাৰ খেতি কৰাৰ সিদ্ধান্ত লােৱা হয়। বিজ্ঞানীসকলে জনাইছে যে আৰু কেইটামান। দিনৰ পাছতেই মাটি খান্দি মূলা উলিওৱা হ’ব। ইয়াৰ পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হ’ব পৃথিৱীলৈ। অৱশ্যে মহাকাশত মূলাৰ খেতি কৰা কাৰ্য বৰ সহজ নাছিল বুলিও নাছাৰ বিজ্ঞানীসকলে জনাইছে।

মাধ্যাকর্ষণ শক্তি নথকাৰ বাবে গছৰ শিপাই মাটিত প্ৰৱেশ কৰাৰ উপায় নাছিল। সেয়ে প্রথমে মাটিৰ গাৰু’ তৈয়াৰ কৰি তাত বীজ পুতি দিয়া হয়। তাৰ পৰাই গছপুলি বাঢ়ি আহে। এই পদ্ধতিত সকলাে গছে সমান পৰিমাণৰ পানী আৰু সাৰাে পায়। গৱেষণাত দেখা গৈছে যে নীলা আৰু ৰঙা ৰঙতেই গছে সবাতােকৈ ভালদৰে সহাঁৰি দিয়ে। সেই অনুসৰি বাকচৰ ভিতৰত ৰঙা-নীলা এলইডি বাল্বৰ পােহৰৰ ব্যৱস্থা কৰা হয়। লগতে ১৮০ৰ অধিক ছেন্সৰ বহুওৱা হৈছে। ফ্ল’ৰিডাত থকা নাছাৰ কেনেডী স্পেচ চেণ্টাৰৰ পৰাই বিজ্ঞানীসকলে মূলা গছৰ বৃদ্ধিত দৃষ্টি ৰাখিছে। প্রয়ােজন অনুসাৰে পানী, সাৰ আৰু তাপমাত্রাৰ পৰিৱর্তনাে তেওঁলােকৰ তদাৰকতে হয়।

Exit mobile version