প্ৰতিবাদী কৃষকৰ স’তে কেন্দ্ৰৰ বৈঠক বিফল

farmers 21

সাত ঘণ্টাজোৰা বৈঠকৰ অন্ততো নোলাল সমাধান। কৃষকসকলৰ স’তে হোৱা দ্বিতীয়বাৰৰ বৈঠকতো পোৱা নগ’ল কোনো সমাধান । পাঁচ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰে পুনৰ বৈঠকৰ বাবে আমন্ত্ৰণ জনালে কৃষক সংগঠনবোৰক । কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে জনায়, ‘বৰ্তমান চৰকাৰ স্থিতিত নাই ।’ আজি বিজ্ঞান ভৱনত আলোচনাত মিলিত হ’লেও নিজৰ দাবীত অটল হৈ থাকিব বুলি জনায় কৃষকসকলেও । আলোচনাত মিলিত হোৱাৰ পূৰ্বে তেওঁলোকে জনায় দিছিল যে কেৱল ন্যূনতম সমৰ্থিত মূল্যৰ নিশ্চয়তা দিলেই প্ৰতিবাদ সমাপ্ত হৈ নাযায় ।

কৃষকসকলে স্পষ্টভাৱে জনাই দিছে যে যেতিয়ালৈকে নতুন কৃষি আইন প্ৰত্যাহাৰ নকৰে প্ৰতিবাদ অব্যাহত থাকিব । পুনৰ কৃষকসকলৰ দাবীসমূহ চৰকাৰৰ সন্মুখত উত্থাপন কৰা হ’ব । আলোচনাৰ মাজেতেই মধ্যাহ্ন ভোজনৰ আয়োজন কৰে কেন্দ্ৰীয় চৰকাৰে । কিন্তু কৃষকসকলে চৰকাৰী আহাৰ গ্ৰহণ নকৰো বুলি নিজৰ স’তে অনা আহাৰে গ্ৰহণ কৰে । সূত্ৰত প্ৰকাশ তথ্য মতে, কৃষকসকলে নিজৰ দাবীৰ বিষয়ে বিতং তথ্য দাঙি ধৰে । নতুন আইনৰ কি কি ত্ৰুটি আছে সেইবোৰৰ বিষয়ে আলোচনা কৰা হয় । কিন্তু সাত ঘণ্টাৰ বৈঠকতো নোলাল কৃষকৰ সমস্যা সমাধানৰ উপায় । অৱশেষত আগন্তুক শনিবাৰ অৰ্থাৎ পাঁচ ডিচেম্বৰত পৰৱৰ্তী আলোচনাৰ দিন ধাৰ্য্য কৰা হয় ।

Exit mobile version