এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ বিদেশী পুঁজি আত্মসাৎ কৰাৰ উপৰি বিভিন্ন সন্ত্রাসবাদী সংগঠনৰ স’তে সম্পর্ক থকা সংস্থাই আজমল ফাউণ্ডেচনত পুঁজি যােগান ধৰা বুলি গুৰুতৰ অভিযােগ উত্থাপন কৰিছে লিগেল ৰাইটছ অৱজাৰভেটৰী (এল আৰ অ’) নামৰ সংগঠনটোৱে। এই সংগঠনটোৱে অভিযােগ কৰে যে বিদেশী পুঁজি গ্ৰহণৰ ক্ষেত্ৰত এফ চি আৰ এ আইন উলংঘা কৰি আজমল ফাউণ্ডেছনে শিক্ষাৰ নামত ৬৯.৫৫ কোটি টকা লাভ কৰে যদিও তাৰে মাত্র ২.০৫ কোটিহে ঘােষিত উদ্দেশ্যত ব্যৱহাৰ কৰে। বাকী ধনখিনি তেওঁ দললৈ হস্তান্তৰ কৰে।
সংগঠনটোৱে কয় যে আজমল ফাউণ্ডেচনত তুর্কী আৰু ব্রিটেইনৰ সন্ত্রাসবাদী গােটৰ স’তে যােগসূত্র থকা সংস্থাই আজমল ফাউণ্ডেছনক বহু কোটি টকাৰ যােগান ধৰিছে। এই বিষয়ে সংগঠনটোৱে কেন্দ্রীয় গৃহ মন্ত্রণালয়লৈ পত্ৰ প্ৰেৰণ কৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।সংগঠনটোৱে প্ৰকাশ কৰা মতে, আজমলৰ দাতা ব্রিটেইনৰ আল ইমদাদ ফাউণ্ডেছন পেলেষ্টাইনৰ সন্ত্রাসবাদী গােট হামাছৰ স’তে পােনপটীয়াকৈ জড়িত। হামাছে পেলেষ্টাইনত ইজৰাইলীসকলৰ বিৰুদ্ধে অসংখ্য আত্মঘাতী আক্ৰমণৰ বাবে ধনৰ যােগান ধৰিছিল।
এই গােটটোৱে সন্ত্রাসবাদী কার্যকলাপৰ বাবে বহু কোটি টকাৰ পুঁজি যােগান ধৰে। তদুপৰি আজমল ফাউণ্ডেচনলৈ পুঁজি যােগানকাৰী সংস্থাৰ ভিতৰত আছে ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্ৰাষ্ট। এই সংগঠনৰ বিৰুদ্ধে ধনৰ অবৈধ সৰবৰাহ আৰু সন্ত্রাসবাদী কার্যকলাপলৈ পুঁজি যােগানৰ অভিযােগ আছে। এই সম্পর্কে আল আৰাবিয়া নামৰ কাকতত উল্লেখ কৰা প্রতিবেদন অনুসৰি উম্মাহ ৱেলফেয়াৰ ট্ৰাষ্টক মার্কিন যুক্তৰাষ্ট্ৰই ইতিমধ্যে সন্ত্রাসবাদী গােট বুলি চিনাক্ত কৰিছে। এই গােটটো ব্রিটেইনৰ।
এল আৰ অই উল্লেখ কৰা অনুসৰি আজমলক পুঁজি যােগান ধৰা তুর্কীৰ সংস্থা আই এইছ এইছ-ইনছানি য়াদিম ভাকভিক বিশ্বৰ বিভিন্ন দেশ, সংবাদ মাধ্যমে সন্ত্রাসবাদী গােট আল-কায়দাৰ স’তে জড়িত থকা বুলি চিহ্নিত কৰিছে। আজমলৰ আন এক দাতা ব্রিটেইনৰ মুছলিম এইডৰ কাশ্মীৰী সন্ত্রাসবাদী গােট হিজবুল মুজাহিদিনৰ স’তে সম্পর্ক আছে। সংগঠনটোৱে কয় যে আজমল ফাউণ্ডেছনে বিদেশী পুঁজি মাত্র ২.৫ শতাংশহে ব্যয় কৰে শিক্ষাৰ বাবদ।