বিজেপি প্ৰাৰ্থী নথকা ঠাইত গেছ চিলিণ্ডাৰৰ ছবিত ভোট দিয়াৰ আহ্বান : ৰঞ্জিত দাস

8b3d4ed1 6339 4767 a690 6f18307e1f7a

চিৰাং জিলাৰ বিজনীত ভাৰতীয় জনতা পাৰ্টী সুবাইঝাৰ মণ্ডল কমিটিৰ জনসভা ।বিজনীৰ নিৰ্ব্বাচনী সভাত উপস্থিত থাকি বিজেপিৰ ৰাজ‍্যিক সভাপতি ৰঞ্জিত দাসে কয় ‘ বিপিএফ দলক ভোটদান নকৰিব কাৰণ বিগত দিনত এই বিপিএফ দলে আমাক লুটিপুটি খাই আজি হাগ্ৰামা মহিলাৰী কোটী কোটী টকাৰ মালিক হল’। যি সমুহ ঠাইত বিজেপি প্ৰাৰ্থী নাই তাত গেছ চিলিণ্ডাৰৰ ছবিত ভোট দিয়াৰ আহ্বান জনায় ৰঞ্জিত দাসে। ভোটাৰ ইন্টাৰনেচনেল পাৰ্টিৰ প্ৰতিক চিহ্ন চিলিণ্ডাৰ।

আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনি প্ৰচাৰৰ সামৰণি পৰিল গতিকে উদালগুৰি আৰু বাক্সা জিলাত ১৫ খন আসন লাভ কৰাৰ দাবী কৰে সভাপতি ৰঞ্জিত দাসে। ৰঞ্জিত দাসে লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিটিচিৰ সকলো অবৈধ অস্ত্ৰ উদ্ধাৰ কৰিব । নিৰ্বাচনৰ পিচতো চলিব অস্ত্ৰ উদ্ধাৰৰ অভিযান। অস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষীক ধন‍্যবাদ জনায় দাসে।সুবাইঝাৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিয়া নাই যদিও ৰাইজে প্ৰাৰ্থী বিচাৰিছিল সেয়ে ক্ষমা খোজাৰ বাবেই আজিৰ সভা অনুষ্টিত কৰাৰ কথা জনায় সভাপতি জনে।

হাগ্ৰামা মহিলাৰীৰ অগাধ সম্পত্তিৰ বিষয়েও প্ৰতিক্ৰীয়া প্ৰকাশ কৰি ৰাইজে ইয়াৰ বিচাৰ কৰি ভোটদান কৰিব বুলি কয়। এতিয়াৰে পৰা আগন্তক সময়ত বিপিএফৰ সৈতে কোনো মিত্ৰতা নাথাকিব সেয়ে বিজনী সমষ্টিৰ লগতে বিটিচিৰ সকলো বিধান সভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰিব বুলি সভাত ঘোসনা কৰে ৰঞ্জিত দাসে। ৰঞ্জিত দাসে বিজনীৰ সভাৰ পুৰ্ব্বে পানবাৰীত এক সভাত অংশগ্ৰহণ কৰে ।

লগতে বিয়লি চিৰাং পৰিষদীয় সমষ্টিৰ স‍্যামথাইবাৰীৰ এক সভাতো অংশগ্ৰহণ কৰি বিজেপিৰ নিৰ্ব্বাচনী প্ৰচাৰ চলায় । চিৰাং জিলাৰ বিজনীৰ নবাৰুণ হাই স্কুল খেলপথাৰত বিজেপি দলৰ নিৰ্বাচনী সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, শিল্পী কৃষ্ণমনি চুতিয়া,ৰাজ্যিক কাৰ্য্যনৰ্বাহক সদস্য নাথুৰাম বাৰৈ,ৰাজ‍্যিক আহ্বায়ক অৰুপ নাথ,থুৰিবাৰী সমষ্ঠীৰ প্ৰাৰ্থী অভিৰাম মহানায়ক আৰু বিজেপি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

Exit mobile version