মাৰ্কিন যুক্তৰাষ্ট্ৰত প্ৰদানৰ বাবে সাজু কৰ’না প্ৰতিষেধক

115788099 gettyimages 525616998

কৰ’না প্ৰতিষেধক লোৱাৰ সন্দৰ্ভত সৃষ্টি হোৱা আশংকা দূৰ কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তিনিজনকৈ প্ৰাক্তন ৰাষ্ট্ৰপতি । দেশখনৰ জনসাধাৰণৰ মনৰ পৰা ভয় আঁতৰ কৰি কেমেৰাৰ সন্মুখতে কৰ’না প্ৰতিষেধক ল’ব বুলিও জনাইছে প্ৰাক্তন ৰাষ্ট্ৰপতি তিনিজনে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ক্ৰমে বিল ক্লিণ্টন, জৰ্জ বুশ্ব আৰু বাৰাক অ’বামাই এনে কাৰ্যৰ দেশবাসীক প্ৰতিষেধক গ্ৰহণত উৎসাহিত কৰিব পাৰিব বুলি গণ্য কৰা হৈছে ।

ADVERTISEMENT

উল্লেখ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰত দুটা প্ৰতিষ্ঠানে কৰ’না প্ৰতিষেধক প্ৰস্তুত কৰি বৰ্তমান চৰকাৰৰ চূড়ান্ত পৰ্যায়ৰ অনুমতিৰ অপেক্ষাত আছে । অনুমতি লাভ কৰাৰ পাছতে প্ৰতিষেধক প্ৰদান কাৰ্য আৰম্ভ কৰা হ’ব । কিন্তু প্ৰতিষেধকক লৈ তীব্ৰ অনিশ্চয়তাৰ মাজত আছে দেশখনৰ বৃহৎসংখ্যক নাগৰিক । অনিশ্চয়তাৰ মাজত থকা এই লোকসকলৰে মনৰ আশংকা দূৰ কৰিবলৈ তিনিও প্ৰাক্তন ৰাষ্ট্ৰপতি সক্ৰিয় হৈ পৰিছে । প্ৰতিষেধক যদি নিৰাপদ হয় তেন্তে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতে ইয়াক গ্ৰহণ কৰাত কোনো আপত্তি নাই বুলিও তিনিও প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰি দিছে ।

তিনিও প্ৰাক্তন ৰাষ্ট্ৰপতিৰ দৰে প্ৰকাশ্যে প্ৰতিষেধক ল’বলৈ আগ্ৰহী বুলি ৰাষ্ট্ৰপতি জ’ বাইডেনেও জনাইছে । মাৰ্কিন যুক্তৰাষ্ট্ৰত কৰ’না প্ৰতিষেধকৰ দায়িত্বত আছে দেশখনৰ ‘নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জি এণ্ড ইনফেক্সন ডিজিছ’ (এন আই এ আই ডি)ৰ সঞ্চালক এণ্টনি ফাউচি । প্ৰতিষেধক কিমাশ দূৰ নিৰাপদ সেই বিষয়ে আশ্বাস লাভ কৰিলেই আগবাঢ়ি যাব বাৰাক অ’বামা । এটি ৰেডিঅ’ সাক্ষাৎকাৰত অ’বামাই কয়, ‘এণ্টনি ফাউচিয়ে যদি কয় প্ৰতিষেধক নিৰাপদ তথা ক’ভিডৰ বিৰূদ্ধে ই শৰীৰত প্ৰতিষেধক গঢ়ি তুলিবলৈ সক্ষম তেন্তে মই ইয়াক গ্ৰহণ কৰিম ।’

দেশবাসীৰ আশংকা দূৰ কৰিবলৈ কেমেৰাৰ সন্মুখত প্ৰতিষেধক লোৱাৰ কথা পুনৰবাৰ উল্লেখ কৰি অ’বামাই কয়, ‘মই প্ৰয়োজনত টিভি কেমেৰাৰ সন্মুখতো প্ৰতিষেধক ল’ব পাৰো । তাৰ দ্বাৰা অন্ততঃ মানুহে জানিব পাৰিব যে মই এই বিজ্ঞানক বিশ্বাস কৰো ।’ প্ৰতিষেধক প্ৰদানৰ প্ৰচাৰত অংশ ল’বলৈ জৰ্জ বুশ্বৰো কোনো ধৰণৰ আপত্তি নাই বুলি জনাইছে প্ৰাক্তন ৰাষ্ট্ৰপতিজনৰ চিফ অৱ ষ্টাফ ফ্ৰেডি ফোৰ্ডে । এই সন্দৰ্ভত বুশ্বে কয়, ‘প্ৰতিষেধক যে নিৰাপদ প্ৰথমে এই কথাৰ প্ৰমাণ দিয়াটো প্ৰয়োজন । প্ৰমাণ লাভ কৰিলে প্ৰতিষেধক লোৱাত মোৰ আপত্তি নাই । কেমেৰাৰ সন্মুখত প্ৰতিষেধক লোৱাতো মোৰ আপত্তি নাই ।’

প্ৰতিষেধক ল’বলৈ বিল ক্লিণ্টনো আগ্ৰহী বুলি জনাইছে তেওঁৰ সংবাদ সচিব এঞ্জেলে উৰেনাই । ইয়াৰ পাছতে চি এন এনক দিয়া সাক্ষাৎকাৰত প্ৰতিষেধক ল’বলৈ আগ্ৰহী বুলি জনায় ৰাষ্ট্ৰপতি বাইডেনেও । প্ৰতিষেধক যে নিৰাপদ সেই কথাও জনগণক জনোৱাতো প্ৰয়োজন বুলিও জনায় বাইডেনে । এই সন্দৰ্ভত আগবাঢ়ি অহা বাবে তিনি পূৰ্বসূৰীক ধন্যবাদো জনায় বাইডেনে । দেশখনত ফাইজাৰ আৰু মাডাণাই প্ৰতিষেধক কাম সম্পূৰ্ণ কৰি তুলিছে ।

Exit mobile version