মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভ্ৰমনৰ পূৰ্বে কোকৰাঝাৰত উদ্ধাৰ বিশাল অস্ত্ৰভাণ্ডাৰ

6a9577e8 1864 411a a94c 506579d1a373

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কোকৰাঝাৰ ভ্ৰমনৰ প্ৰাকমুহুৰ্তত কোকৰাঝাৰত উদ্ধাৰ হৈছে বিশাল অস্ত্ৰভাণ্ডাৰ। কোকৰাঝাৰ জিলাৰ শৰাইবিল সীমান্ত আৰক্ষী চকী তথা গোঁসাইগাঁও থানাৰ অন্তৰ্গত ৰিপু সংৰক্ষিত বনাঞ্চলৰ আঠ নং ৰাইটৰ সুন্দৰী নলাৰ নিকটত নিৰ্বাচনৰ প্ৰাকুমুহুৰ্তত উদ্ধাৰ হোৱা বিশাল অস্ত্ৰভাণ্ডাৰক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষী , সেনা , এচএচবি আৰু চিআৰপিএফৰ যৌথ অভিযানত উদ্ধাৰ হোৱা অস্ত্ৰশস্ত্ৰ সমুহ হ’ল একে ৫৬ ৰাইফল দুটা, হস্তনিৰ্মিত একে ৫৬ ৰাইফল দুটা , পাইপ গান ছটা , ৭.৬৫ এমএম পিষ্টল ৭ টা , বিহাৰত নিৰ্মিত দেশীয় পিষ্টল তিনিটা , ৩৬ নং হেণ্ডগ্ৰেণেড দুটা , চীনত নিৰ্মিত হেণ্ডগ্ৰেণেড এটা , হাতেসজা গ্ৰেণেড দুটা , বটল বম্ব তিনিটা , একে ৫৬ ৰাইফকৰ মেগজিন দুটা , ৭.৬৫এমএম পিষ্টলৰ মেগজিন ২৬ টা ,৭.৬৫এমএমৰ গুলী ৪৪ টা , ৭.৬২এমএমৰ গুলী ১০৮ টা , নাইন এমএমৰ গুলী ১৫ টা,৮এমএমৰ গুলী ৪টা , ৫.৫৬এমএমৰ গুলী ৬টা , খালী কাৰ্টুজ ১১৫টা আৰু আইৰন বল ৩০টা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰাংগনত আজি বিয়লি আয়োজিত হোৱা এক সংবাদমেলত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে কয় যে এক গোপন সূত্ৰৰ পম খেদি কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেৰ্তৃত্বত ১২ নং শিখলাই ৰেজিমেণ্ট , ৩১ নং এচএচবি বেটেলিয়ন , ই/১২৯ নং চিআৰপিএফ আৰু কোকৰাঝাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই বৃহৎ অস্ত্ৰভাণ্ডাৰ জব্দ কৰে । আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে সদৰি কৰা অনুসৰি এয়া আৰক্ষীৰ নিয়মিত অভিযান আৰু অস্ত্ৰভাণ্ডাৰ উদ্ধাৰৰ সতে বিটিচি নিৰ্বাচনৰ কোনো যোগসূত্ৰ লাভ কৰা হোৱা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমানলৈকে কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও থদন্ত অব্যাহত আছে ।

আৰক্ষীৰ নিয়মীয়া টহল , তালাচী অভিযান অব্যাহত আছে আৰু অসাংবিধানিক কাৰ্যৰে জড়িত কোনো লোকে ৰেহাই নাপাব বুলি মন্তব্য কৰি বিটিচি নিৰ্বাচন মুক্ত আৰু নিকা কৰাৰ ক্ষেত্ৰত আৰক্ষী দায়বদ্ধ বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে । উল্লেখ্য যে সোমবাৰে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰৰ দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আৰু তাৰ পূৰ্বে বিশাল অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিটিচি নিৰ্বাচনৰ পূৰ্বে কোকৰাঝাৰত বিশাল পৰিমানৰ অস্ত্ৰ শস্ত্ৰ , গুলী বাৰুদ , বন্দুক -পিষ্টল জব্দ কৰাটো নি:সন্দেহে অসম আৰক্ষীৰ বাবে বৃহৎ সাফল্য বুলি বিবেচিত হৈছে । আজিৰ সংবাদমেলত উপস্থিত থাকে অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) মুকুট ৰাভা , অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা) ৰজী ৰাণী শৰ্মা , উপ আৰক্ষী অধীক্ষক পুনমজিৎ নাথ , পৰিদৰ্শক লাটুক দাস

Exit mobile version