লণ্ডনৰ ৰাজপথত নগ্ন তৰুণীৰ চাইকেল যাত্রা

best bicycle

প্রায় নগ্ন অৱস্থাৰে লণ্ডনৰ ৰাজপথত চাইকেল চলালে এগৰাকী তৰুণীয়ে। ন্যূনতম পাস্তম্ভ ছয় ডিগ্রী ছেলছিয়াচলৈ নামি অহাৰ লগতে সাধাৰণভাৱে হৈ থকা বৃষ্টিপাতৰ মাজতে তৰুণীগৰাকীয়ে এই কাম কৰে। প্রচণ্ড শীতকে অগ্রাহ্য কৰি দিগম্বৰ অৱস্থাৰে লণ্ডনৰ ৰাজপথত চাইকেল চলােৱা তৰুণীগৰাকীৰ নাম কেৰী বার্ণেছ। কেৰীক পৰা দেখিলে সম্পূর্ণ নগ্ন যেনেই লাগে যদিও ওচৰলৈ গলে বুজিব পাৰি যে সেয়া নহয়। গুপ্তাংগ ঢাক যােৱাকৈ অন্তর্বাস পৰিধান কৰি আছে কেৰীয়ে। ইয়াৰ বাহিৰে অৱশ্যে তেওঁৰ শৰীৰত আনকোনাে অতিৰিক্ত আৱৰণ নাছিল। বাকী শৰীৰ আছিল সম্পূর্ণ অনাবৃত।

ৰাজপথত কোনােৱে যদি কেৰীক অবাক হৈ চাইছিল তেন্তে আন কোনােৱে আকৌ বিদ্ৰপৰ দৃষ্টিৰেও চাইছিল; কিন্তু ৰাজপথৰ লােকসকলক অৱজ্ঞা কৰি হাঁহি মুখেৰেই আগবাঢ়ি গৈছিল ব্রিটিছ তৰুণীগৰাকী। কেমেৰাৰ সন্মুখত বিশেষ ভংগিমাৰে পজো দিয়ে কেৰীয়ে; কিন্তু প্রশ্ন উঠিছে কিয় এনেদৰে ৰাজপথত চাইকেল চলাবলগীয়া হ’ল তেওঁ। চাইকেল যাত্ৰা আৰম্ভ কৰাৰ পূর্বে কেৰীয়ে এই প্রশ্ন উত্তৰ দি গৈছিল এক ভিডিঅ’ বার্তাৰ মাধ্যমত।

উল্লেখ্য যে কৰ’না কালত মানসিক অৱসাদে মাৰাত্মক ৰূপ ধাৰণ কৰিছে। লণ্ডনত হেজাৰ হেজাৰ লােক কৰনাত আক্রান্ত হােৱাৰ সমান্তৰালভাৱে মানসিক অৱসাদৰাে সন্মুখীন হৈছে। কেৰীয়ে এই দিশটোৰ বিষয়ে অধিক জ্ঞাত হয় যেতিয়া মানসিক অৱসাদৰ বলি হৈ এগৰাকী আত্মীয়ই আত্মহত্যাৰ চেষ্টা কৰে। প্রবল ইচ্ছা থকা সত্ত্বেও কেৰীয়ে আত্মীয়গৰাকীক সহায় কৰিব পৰা নাছিল; কিন্তু নিজে বুজিব পাৰিছিল মানসিক অৱসাদৰ প্ৰভাৱ কিমান মাৰাত্মক হ’ব পাৰে। সেয়েহে মানসিক অৱসাদত ভােগাসকলৰ স’তে থিয় দিবলৈ ঠিক কৰিলে কেৰীয়ে। এনে উদ্দেশ্যৰেই যােৱা ২৯ নৱেম্বৰৰ পৰা চাইকেল যাত্রা আম্ভ কৰে কেৰীয়ে। দুসপ্তাহ ধৰি এই যাত্রা অব্যাহত ৰাখিব তেওঁ।

কেৰী চাইকেল টুডে নামেৰে এই চাইকেল যাত্ৰাৰ বহু ছবি ইতিমধ্যে ছ’চিয়েল মিডিয়াত ‘শ্বেয়াৰ’ হৈছে। যাত্ৰাৰ দ্বাৰা সাত হেজাৰ পাউণ্ড সংগ্রহ কৰাৰাে লক্ষ্য আছিল কেৰীৰ। ইতিমধ্যে তেওঁ লক্ষ্যত কৈ দুহেজাৰ পাউণ্ড অধিক সংগ্রহ কৰিছে। এই পর্যন্ত সংগ্রহ কৰা নহেজাৰ পাউণ্ড কেৰীয়ে স্বেচ্ছাসেৱী সংস্থা মাইণ্ড’ক প্রদান কৰিব। মাইণ্ড নামৰ এই সংস্থাই মানসিক অৱসাদত ভােগা ৰােগীসকলক সহায় আগবঢ়াই আহিছে। কেৰীৰ এনে উদ্যোগক বিশ্বৰ বিভিন্ন লােকে স্বাগতম জনাইছে।

Exit mobile version