শালবাৰীত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰৰ চমক

c8a3c723 f14b 4c68 a624 94155112c166

বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ আজি সামৰণি পৰিছে। নৃত্য গীত, বাকযুদ্ধৰ মাজেৰে চলোৱা নিৰ্বাচনী প্ৰচাৰত উত্তপ্ত হৈ উঠিছিল বাক্সাৰ শালবাৰী সমষ্টিৰ নিৰ্বাচনী বতাহজাক। আজি সামৰণিৰ দিনটোত সমষ্টিটোত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ লক্ষ্যণীয় হৈ পৰে। বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে আজি শালবাৰী জিলা কমিটীৰ অন্তৰ্গত চূণবাৰী প্ৰাইমাৰী কমিটীয়ে এলেঙামাৰীত, খুচুৰাবাৰী প্ৰাইমাৰীয়ে ৰাজঢাকমাল আৰু নৰসিংহবাৰীত আয়োজন কৰা তিনিখন সভাত অংশ গ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। ২১ নং শাালবাৰী পৰিষদীয় সমষ্টিৰ বি পি এফ দলৰ মনোনীত প্ৰাৰ্থী জয় মুছাহাৰীৰ সমৰ্থনত আজি পুৱা প্ৰায় ৯-৩০ বজাত বি পি এফ দলৰ চূণবাৰী প্ৰাইমাৰী কমিটীৰ উদ্যোগত এলেঙামাৰীস্থিত হজৰত আলী ৰাজ্যিক একাডেমী প্ৰাঙ্গনত আয়োজন কৰা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বি পি এফ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে স্বভাৱসুলভ ভাৱে ‘নাঙলত ভোট দিয়ক আৰু মাটিৰ পট্টা লওক’ বুলি কৈ ভোট দিবলৈ আহ্বান জনায়।

লগতে তেওঁ বিটিচিত বিপিএফে পৰিষদ দখল কৰিব বুলি দাবী কৰি কয়, নতুনকৈ গঠিত পৰিষদে কাৰ্যভাৰ চমজি লোৱাৰ পিছত পৰৱৰ্তী বছৰৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহতে বি টি চি অঞ্চলৰ খাচ,তৌজী,একচনীয়া আৰু গ্ৰেজিং লেণ‌্ডত বসবাস কৰি থকা লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা হ’ব। ইয়াৰ বাবে কোনো লোকে অফিচ-কাচাৰীলৈ যাব নালাগে। চক্ৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত ৰাজহুৱা সভা আয়োজন কৰি জৰীপ কাৰ্যৰ জৰিয়তে দখলীকৃত মাটিৰ ম্যাদী পট্টা প্ৰদান কৰা হ’ব। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত স্বাক্ষৰিত চুক্তি মৰ্মে বি টি চিত বসবাস কৰা আটায়ে বি টি চিৰ বাসিন্দা। বি টি চিৰ ভৱিষ্যৎ উন্নয়ণ আৰু শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থতে বড়ো-অনাবড়ো,আদিবাসী, হিন্দু-মুছলমান,কোচ ৰাজবংশী,বেঙ্গলী আমি আটায়ে একেলগে থাকিব লাগিব।

আনহাতে বি পি এফ মূৰব্বীগৰাকীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী অৰ্থাৎ এন আৰ চিত ‘ডি’ ভোটাৰৰ নামত বিটিচিৰ প্ৰায় চাৰে চাৰি লাখ ভোটাৰে হাৰাশাস্তি ভোগ কৰিবলগীয়া হৈছে বুলিও তেওঁ কয়। আনহাতে এই কাৰ্য ৰাজ্যখনৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উচটনিতেই হোৱা বুলিও বি পি এফ মূৰব্বীগৰাকীয়ে আন এক গুৰুতৰ অভিযোগ আনে।প্ৰসংগক্ৰমে তেওঁ কয়- বৰ্তমানৰ ইউ পি পি এল নেতা আৰু তেতিয়াৰ প্ৰমোদ বড়ো নেতৃত্বাধীন এবছু সংগঠনটোৱে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাতে ভাৰতীয় নাগৰিক বি টি চিৰ এইসকল বাসিন্দাক হাৰশাস্তি কৰিবৰ বাবেই এই কাম কৰিছিল।

বি টি চিৰ ৰাইজে এতিয়া শান্তি বিচাৰিছে।বড়ো- অনাবড়ো সকলো ৰাইজে বিটিচিত একেলগেই থাকিব লাগিব বুলিও বিপিএফ প্ৰধান গৰাকীয়ে কয়। আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভা সমূহত শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাক্তন এম চি এল এ ৰঞ্জিত খেৰকটাৰী,শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী জয় মুছাহাৰী, বিপিএফত নতুনকৈ যোগ দান কৰা গণ সুৰক্ষা দলৰ মথনগুৰি সমষ্টিত প্ৰাৰ্থী ইব্ৰাহিম আলী লগতে ভালেসংখ্যক দলৰ নেতা আৰু বিষয় ববীয়াই অংশগ্ৰহণ কৰে।

বি পি এফৰ মটৰ চাইকেল সমদলয়ে শালবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰূপহীৰ পৰা আৰম্ভ কৰি সমষ্টিটোৰ দহটা ভি চি ডি চি এলেকাৰ গাঁওসমূহৰ মাজেৰে পৰিভ্ৰমণ কৰি শালবাৰীত বিয়লি ৪ বজাত অন্ত পেলায় নিৰ্বাচনী প্ৰচাৰৰ সামৰণি মাৰে। উল্লেখযোগ্য যে আজি পুৱা ১০ বজাত মটৰ চাইকেল সমদলটোৰ ফ্লেগ অফ কৰি আনুষ্ঠানিক ভাৱে মুকলি কৰে বিপিএফৰ পিএম বিৰ সদস্যা নাৰায়ণী বসুমতাৰী আৰু দলৰ শালবাৰী জিলা কমিটীৰ সম্পাদক প্ৰবীণ দাসে৷

Exit mobile version