জাপানৰ মহাকাশযানে তিনি কোটি কিলোমিটাৰ দূৰত্বত থকা গ্ৰহাণু খান্দি আনিলে মাটি

Hayabusa2

পাঁচ দশক পূৰ্বে প্ৰথমবাৰ প্ৰায় চাৰি লাখ কিলোমিটাৰ দূৰত্বত থকা চন্দ্ৰৰ পৰা অনা হৈছিল মাটি । তাৰ ৫১ বছৰ পাছত তিনি কোটি কিলোমিটাৰ দূৰত্বত থকা গ্ৰহাণুৰ পৰা পৃথিৱীত মাটি অনা হ’ল । ভাৰতীয় সময় অনুসৰি শনিবাৰে মাজনিশা পাৰ হোৱাৰ কিছু সময়ৰ পাছতেই ‘হায়াবুছা-২’ মহাকাশযান দক্ষিণ অষ্ট্ৰেলিয়াত নামে । মংগল আৰু বৃহস্পতিৰ মাজৰ গ্ৰহাণুপূঞ্জৰ সদস্য গ্ৰহাণু ‘ৰিউগু’ক খান্দি মাটি আনিলে ‘জাপান স্পেচ এজেঞ্চি (জাক্সা)ৰ মহাকাশযান ‘হায়াবুছা-২’ৱে ।

কোনো গ্ৰহাণুৰ পৰা মাটি অনা এয়াই প্ৰথম সভ্যতা ।জাপানৰ এই কৃতিত্বৰ বাবে জাপানক শুভেচ্ছা জনালে নাছাই। হায়াবুছা-২ৰ এই গ্ৰহাণু জয়ক নাছাই ‘এক ঐতিহাসিক ঘটনা’ বুলি প্ৰকাশ কৰিছে । বিগত ২০ অক্টোবৰতো এটি গ্ৰহাণু ‘বেন্নু’ক খান্দি তাৰ পৰা মাটি অনাত সফল হৈছে নাছাই পঠোৱা মহাকাশযান ‘ওচিৰিছ-ৰেক্সে’ । ২০২৩ত মহাকাশযানখন পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনা আছে ।পৃথিৱীত প্ৰাকৃতিক সম্পদ দ্ৰুত গতিত হ্ৰাস পাইছে সেয়েহে গ্ৰহাণুত খনিজৰ সন্ধান কৰাটো অত্যাৱশ্যকীয় হৈ পৰিছে ।

গ্ৰহাণুত হায়াবুছা-২ আৰু ওচিৰিছ-ৰেক্সৰ পদক্ষেপ তাৰেই মাইলখুঁটি হৈ থাকিব ।কোনো গ্ৰহ বা উপগ্ৰহত নমাতকৈ অধিক জটিল কোনো সংকটাপন্ন গ্ৰহাণুত নমা । কাৰণ গ্ৰহাণুৰ পিঠি অতি ওখোৰা-মোখোৰা । সেয়েহে গ্ৰহাণুত নমা অতি বিপজ্জনক । যিকোনো মূহুৰ্ততে মহাকাশযান ভাঙি পৰিব পাৰে । গ্ৰহাণুৰ খননকাৰ্য তাতোকৈ জটিল । কাৰণ খান্দিবৰ বাবে সমতল স্থান খুবেই কম থাকে গ্ৰহাণুত । সকলোতে থিয় পাহাৰ । সেই পাহাৰ খান্দিলে খুন্দা খাই ভাঙি চূৰমাৰ হৈ যাব পাৰে মহাকাশযান ।

Exit mobile version