নগাঁও সোনাৰী গাৱঁৰ পৰা গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী নগদ ধন সহ উদ্ধাৰ

Screenshot 90

নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহন লাল মিনাৰ নেতৃত্বত ধিং আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত আজি ধিং সোনাৰী গাৱঁৰ পৰা তিনি জন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ আঠ লাখ টকা সহ বৃহৎ পৰিমাণৰ হিৰ’ইন আৰু গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় । দুই কিলোগ্রাম হিৰ’ইন আৰু ১০১ কিলোগ্রাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে এই সামগ্রী খিনিৰ মূল্য প্ৰায় আঠ কোটি বুলি নগাঁও আৰক্ষী য়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

ধিঙৰ সোনাৰি গাৱঁৰ হাবিল আলীৰ ঘৰৰ পৰা নগাওঁ আৰু ধিং আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই নিছা জাতীয় সামগ্রী খিনি। লগত জব্দ কৰিছে নগদ ধন সহ হাবিল আলীৰ AS 02AD 6273 নম্বৰৰ এখন বিলাসী বাহনৰ ।মুল নায়ক হাবিল আলীৰ লগতে আৰক্ষীয়ে কৰায়ত্ব কৰি বাহাদুল আলম আৰু মফিদুল হকক। ঘটনাক কেন্দ্র কৰি অঞ্চলটোত তীব্র চাঞ্চল্য সৃষ্টি হয় । উল্লেখ্য যে, নগাঁও জিলাৰ আৰক্ষীৰ বাবে আজি এই অভিযান আছিল এক সৰ্ববৃহৎ অভিযান।

Exit mobile version