ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তৰ্ভূক্ত নকৰি মৌলিক অধিকাৰ খৰ্ব কৰিছেঃ সাংসদ আব্দুল খালেক

WhatsApp Image 2020 12 06 at 7.03.09 PM

ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬১ নং লাচাঙ্গা গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ নতুনকৈ নিৰ্মাণ হোৱা গৃহ আজি শুভ উদ্বোধন কৰা হয়। তদুপলক্ষে লাচাঙ্গা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবিনৰ সভাপতিত্বত এখন উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লাচাঙ্গা গাওঁ পঞ্চায়তৰ সচিব হবিবৰ ৰহমানে। সভাত গৃহ উন্মোচক তথা মুখ্য অতিথি হিচাপে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, বিশিষ্ট অতিথি হিচাপে বৰপেটা জিলা পৰিষদৰ উপ সভাপতি ছামচুল হক, ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন, বৰপেটা জিলা পৰিষদৰ সদস্য এম হাবিব উল্লাহ, বৰপেটা জিলা সভাপতি সন্থাৰ সভাপতি ইজাজুল হক ৰহিম, ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া মঞ্জুশ্ৰী ঘোষ উপস্থিত থাকি ভাষন প্ৰদান কৰে।

সভাত গুইলাজাৰ গাওঁ পঞ্চায়তৰ সভাপতি চৈয়দ আলী মণ্ডল, শওঁপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্বমেলা মণ্ডলকে ধৰি ভালে কেইগৰাকী আঞ্চলিক সদস্য আৰু পঞ্চায়ত সভাপতি-সভানেত্ৰী উপস্থিত থাকে। সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত জনীয়া সমষ্টিৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিত ২০১৭ৰ পৰা ২০২১ৰ খচৰা ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তৰ্ভূক্ত নকৰি আবেদনকাৰী সকলৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে গুৰুতৰ অভিযোগ উত্থাপন কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে।

এইক্ষেত্ৰত নিৰ্বাচনী বিষয়া দায়ী বুলি মন্তব্য কৰে সাংসদ আব্দুল খালেকে। সাংসদ গৰাকীয়ে আৰু কয় যে, চৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে সংখ্যালঘু ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা ইচ্ছাকৃত ভাৱেও কৰ্তন কৰিব পাৰে। কাৰণ সংখ্যালঘু অধ্যুষিত এলেকাৰ কিছু কিছু ভোট কৰ্তন কৰিলে যাতে বিজেপিৰ নিৰ্বাচনত জিকিবলৈ সহায় হয়, তাৰ বাবেও চৰকাৰে এনে কাম কৰিব পাৰে বুলিও তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায় সাংসদ আব্দুল খালেকে।

Exit mobile version