ক’ভেক্সিন লোৱাৰ ১৫ দিনৰ ভিতৰতে কৰ’নাত আক্ৰান্ত হ’ল হাৰয়ানাৰ স্বাস্থ্যমন্ত্ৰী

2020 12largeimg 384103053

ক’ভেক্সিনৰ ডোজ গ্ৰহণ কৰাৰ স্বত্তেও কৰ’নাত আক্ৰান্ত হৈছে হাৰিয়ানাৰ স্বাস্থ্যমন্ত্ৰী অনিল ভিজ । ১৫ দিন পূৰ্বে স্বাস্থ্যমন্ত্ৰী ভিজে কৰ’নাৰ সম্ভাৱ্য প্ৰতিষেধক ক’ভেক্সিনৰ প্ৰথমটো ডোজ লৈছিল; কিন্তু ইয়াৰ মাজতে আজি স্বাস্থ্যমন্ত্ৰীজনক ক’ভাড-১৯ সংক্ৰমিত বুলি ঘোষণা কৰা হয় । স্বাস্থ্যমন্ত্ৰীজনে টুইট কৰি প্ৰথমে এই খবৰ ৰাজহুৱা কৰা পাছত স্বাভাৱিকতে হৈ-চৈৰ সৃষ্টি হয় ।

স্বাস্থ্যমন্ত্ৰী ভিজে টুইটযোগে কয়, ‘মোৰ কৰ’না ধৰা পৰিছে, আম্বালা ক’ণ্টেইনমেণ্টৰ অসামৰিক হাস্পতালত মই ভৰ্তি হৈছো । যিসকলে মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোককো ক’ভিড পৰীক্ষা কৰিবলৈ কৈছো ।’ ইফালে সমগ্ৰ বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰণালয়ে ।

উল্লেখ্য যে ক’ভেক্সিন ভাৰতত‌ থলুৱাভাৱে প্ৰস্তুত কৰা প্ৰথমটো কৰ’না প্ৰতিষেধক । হায়দৰাবাদস্থিত ভাৰত বায়’টেকৰ দ্বাৰা ক’ভেক্সিন প্ৰস্তুত কৰা হৈছে । সেয়েহে বিষয়টোত হস্তক্ষেপ কৰি ভাৰত বায়’টেকে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি কয় যে প্ৰতিষেধকৰ দ্বিতীয় ডোজ লোৱাৰ পাছত কোনো শৰীৰত সংক্ৰমণ প্ৰতিৰোধকাৰী ‘এণ্টিব’ডি’ৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে; কিন্তু মন্ত্ৰী ভিজে ক’ভেক্সিনৰ প্ৰথমটো ডোজহে এতিয়ালৈ লৈছে । প্ৰতিষেধকৰ দ্বিতীয়টো ডোজ লোৱাৰ ১৪ দিন‌ৰ পাছতহে ইয়াৰ কাৰ্যকাৰিতা আৰম্ভ হয় ।

ভাৰতত প্ৰায় ২৬ হেজাৰ লোকক লৈ ক’ভেক্সিনৰ তৃতীয়টো ট্ৰায়েল ২৫ টা স্থানত চলোৱা হ’ব । যোৱা ২০ নৱেম্বৰত স্বাস্থ্যমন্ত্ৰী ভিজক ক’ভেক্সিনৰ প্ৰথমটো ডোজ দিয়া হৈছিল । এজন স্বেচ্ছাসেৱক হিচাপে ভিজে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছিল । বিজয় ৬৭ বছৰ বয়স হৈছে । মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইংলেণ্ডটো ক’ভেক্সিনৰ পৰীক্ষা মানৱ শৰীৰত সম্পন্ন কৰা হৈছে । যোৱা ২০ বছৰত ভাৰত বায়’টেকে ৮০ তাৰো অধিক ক্লিনিকেল ট্ৰায়েল সম্পন্ন‌ কৰিছে বিভিন্ন ঔষধ-প্ৰতিষেধকক লৈ ।

আজি কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যক্তিগতভাৱে হায়দৰাবাদলৈ গৈ‌ প্ৰতিষেধক বিধৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰিছিল । অহা কেইসপ্তাহমানৰ ভিতৰতে ক’ভেক্সিনৰ ডোজ প্ৰদানৰ কাম আৰম্ভ কৰাৰো কথা ঠিক কৰা হৈছিল । ভাৰতত এতিয়ালৈ ৯৬ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে ।

Exit mobile version