প্ৰতিবাদী কৃষকসকলৰ স’তে সিংঘু সীমান্তত আলোচনাত মিলিত হ’ব অৰবিন্দ কেজৰিৱাল

202012071552440727 Delhi CM Arvind Kejriwal meets farmers reiterates support SECVPF

কৃষক আইন প্ৰত্যাহাৰৰ দাবীত দিল্লী সীমান্তত আন্দোলনৰত কৃষকসকলৰ ধৰ্মঘট আজি ১২ দিন হ’ল । সিংঘুসহ দিল্লী-হাৰিয়ানাৰ সীমান্তত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে কৃষকসকলে । আজি সিংঘু সীমান্তত প্ৰতিবাদী কৃষকসকলৰ স’তে মিলিত হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালসহ অন্যান্য মন্ত্ৰীসকলো ।

আন্দোলনৰত কৃষকসকলৰ বাবে দিল্লী চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তাৰেই বুজ ল’বলৈ আৰু কৃষকসকলৰ স’তে আলোচনাত মিলিত হ’বলৈ মুখ্যমন্ত্ৰী কেজৰিৱালে সীমান্তত যাব বুলি সংবাদ মাধ্যমক জনাইছে । কৃষক প্ৰতিবাদৰ বাবে সিংঘু, আওচাদী, পিয়াও মানিয়াৰি আৰু মংগেচ সীমান্তত যাতায়ত চলাচল বন্ধ কৰি দিছে দিল্লী আৰক্ষীয়ে ।

আগন্তুক ন ডিচেম্বৰত কৃষকসকলৰ স’তে বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰ । কিন্তু নতুন কৃষি আইন বাতিলৰ দাবীত কৃষকসকল এতিয়াও আকোৰগোঁজ হৈ আছে । বিগত এসপ্তাহ ধৰি কৃষকসকলৰ স’তে কেন্দ্ৰয় একাধিকবাৰ বৈঠকত মিলিত হয় কিন্তু কোনো সমাধানৰ সূত্ৰ পোৱা নগ’ল । মংগলবাৰে ভাৰত বন্ধৰ দাবীও জনাইছে কৃষকসকলে এই বন্ধৰ সমৰ্থন জনাইছে বিভিন্ন বিৰোধী দলে ।

Exit mobile version