যিকোনো সুস্থ গণতন্ত্ৰৰ বাবে ছ’চিয়েল মিডিয়াত আলোচনাৰ স্বাধীনতা থকা একান্ত প্ৰয়োজন বুলি কয় ভাৰতৰ এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে । শেহতীয়া এক সাক্ষাৎকাৰত এটৰ্ণী জেনেৰেল বেণুগোপালে কয়, ‘যিকোনো সুস্থ গণতন্ত্ৰৰ বাবে ছ’চিয়েল মিডিয়াৰ আলোচনাত কোনো ধৰণৰ বাধাৰ সৃষ্টি কৰা উচিত নহয় । উচ্চতম ন্যায়ালয়েও বিৰল ঘটনাসমূহৰ বাহিৰে ছ’চিয়েল মিডিয়াৰ আলোচনাত হস্তক্ষেপ নকৰে ।’ লগতে তেওঁ কয় যে ছ’চিয়েল মিডিয়াত কোনো ধৰণৰ নিয়ন্ত্ৰণৰ চেষ্টা কৰাটো ‘অপ্ৰয়োজনীয়’ ।
চৰকাৰেও তেনে কোনো আইন প্ৰণয়ন উচিত নহয় । কাৰণ দেশত উন্মুক্ত গণতন্ত্ৰ থকা প্ৰয়োজন । যদি কোনো ঘটনা সংঘটিত হয় তেতিয়া আইনে পদক্ষেপ লোৱা উচিত আৰু ন্যায়ালয়ে সেইটো পদক্ষেপ ল’ব । ন্যায়ালয়ৰ অবমাননা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সামগ্ৰিক ভূমিকা এটৰ্ণী জেনেৰেল বেণুগোপালে কয়, ‘যেতিয়ালৈকে কোনো বিষয়ে ন্যায়ালয়ৰ অবমাননা নকৰে তেতিয়ালৈকে ন্যায়ালয়ে সেই বিষয়ত হস্তক্ষেপ কৰিব নোৱাৰে ।’