ককলাবাৰীত পোন্ধৰ হেজাৰ-গয়বাৰীত ১০ হেজাৰ ভোটৰ ব্যৱধানত জয় হ’ব প্ৰমোদ বড়োঃ ধীৰাজ ডেকা

WhatsApp Image 2020 12 08 at 5.47.59 PM

শালবাৰীত সংবাদমেল ইউ পি পি এলৰ মুখপাত্ৰৰ

আজি শালবাৰীৰ ইউ পি পি এলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰ ধীৰাজ ডেকাই কয়, ‘কালি সমাপ্ত হোৱা বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত বাক্সা আৰু ওদালগুৰি জিলাৰ ২১ টা সমষ্টিত হিলদল ভাঙি ওলাই আহি সকলো ৰাইজে ইউ পি পি এল দলক ট্ৰেক্টৰৰ ছবিত ভোট দিলে৷ ২১ টা সমষ্টিতেই ইউ পি পি এলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত৷ ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে প্ৰতিদ্বন্দ্বিতা কৰা ককলাবাৰী সমষ্টিত ১৫ হেজাৰৰো অধিক ভোটৰ ব্যৱধানত আৰু গয়বাৰী সমষ্টিত ১০ হেজাৰৰো অধিক ভোটৰ ব্যৱধানত জয় হ’ব৷

১০ ডিচেম্বৰত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা সমষ্টিতেই ইউ পি পি এলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাৰ বাবে সাজু কৰা হৈছে৷ কাৰণ বিগত সময়ছোৱাত দুৰ্নীতি, ভ্ৰষ্টাচাৰ , অপশাসন আদিৰ পৰিৱৰ্তনৰ বাবে ওদালগুৰি আৰু বাক্সা জিলাৰ ভোটাৰ ৰাইজে ইউ পি পি এলক ভোট দিলে আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা সমষ্টিটো সকলো জাতি- জনগোষ্ঠীৰ ভোটাৰ ৰাইজে ইউ পি পি এলক ভোটদান কৰিব। ইয়াৰ বাবে দলটোৰ হৈ মই ৰাইজলৈ মুকলি আহ্বান জনাইছো আৰু ১৫ ডিচেম্বৰত ইউ পি পি এল দলে এখন নতুন চৰকাৰ গঠন কৰি বিটিআৰৰ সকলো জাতি-জনগোষ্ঠী ৰাইজৰ মাজত ন্যায় আৰু উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিব৷

ইতিমধ্যে বিটিআৰ চুক্তি সাক্ষৰিত হোৱাৰ পিছৰে পৰা বিটিআৰত আৰম্ভ হৈছে এক শান্তিৰ যাত্ৰা আৰু কালি বিটিআৰৰ ২১ টা সমষ্টিৰ ৰাইজে হিলদল ভাঙি ইউ পি পি এলক ভোট দি বিটিআৰত আৰম্ভ কৰিলে সমন্বয় আৰু সংকল্পৰ যাত্ৰা। যাৰ বাবে প্ৰমোদ বড়োৰ নেতৃত্বত থকা ইউ পি পি এল দলৰ ভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সমিতি , বিষয়ববীয়াই সকলো জাতি-জনগোষ্ঠী ৰাইজক মুকলিভাৱে অভিনন্দন জনাইছো।

বিশেষকৈ ৰাইজক এইবাবে ধন্যবাদ জনাও যে বিপিএফৰ বাহুবল, ধনবল আৰু জিএছপি দলৰ আবেগিক, সাম্প্ৰদায়িক ৰাজনীতি ওফৰাই দি এক নতুন সংকল্প গ্ৰহণেৰে কালি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাইজে ইউ পি পি এলক ভোট দিলে লগতে ১০ ডিচেম্বৰতো একেই সিদ্ধান্ত গ্ৰহণ কৰিব কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভোটাৰ ৰাইজে৷’

সংবাদমেলত ধীৰাজ ডেকাই লগতে কয় যে, বিটিআৰত শান্তি, সমন্বয় , উন্নয়ন , পৰিৱৰ্তনৰ সংকল্প যাত্ৰাত ইউ পি পি এল চৰকাৰ-দলৰ বিষয়ববীয়া আৰু ৰাইজে একেলগে অংশগ্ৰহণ কৰিব৷ সংবাদমেলত শালবাৰী সমষ্টিৰ প্ৰাৰ্থী বিনোদ মুছাহাৰীয়ে বিপুল ভোটত তেওঁৰ বিজয় নিশ্চিত কৰে৷

আজিৰ সংবাদমেলত ধীৰাজ ডেকা, বিনোদ মুছাহাৰীৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় নেতৃবৃন্দৰ, কনক চন্দ্ৰ বড়ো, সুৰেশ সৰকাৰ, প্ৰদীপ সৰকাৰ, ইয়াদ আলী, আবু তাহেৰ , মুকুন্দ দাস আদিয়ে৷

Exit mobile version