কৃত্ৰিম কুকুৰাৰ মাংস : ছিংগাপুৰৰ ৰেস্তোৰাঁৰ মেন্যুত নতুন সংযোজন

খাদ্যৰ বাবে প্রাণী হত্যা অনাগত দিনত বন্ধ হৈ পৰিব পাৰে। এই সন্দৰ্ভত ইতিমধ্যে বহুখিনি আগবাঢ়িবলৈ সক্ষম হৈছে মার্কিন যুক্তৰাষ্ট্রৰ এটা প্রতিষ্ঠানে গৱেষণাগাৰত প্রতিষ্ঠানটোৱে কৃত্রিম মাংস পৰীক্ষামূলকভাৱে প্ৰস্তুত কৰি সকলােকে আশ্চর্যান্বিত কৰি তুলিছে। এনে কৃত্রিম মাংস ছিংগাপুৰৰ একাধিক ৰেস্তোৰাঁৰ মেন্যুতে স্থান লাভ কৰিছে। অনাগত দিনত সমগ্র বিশ্বজুৰি এই কৃত্রিম মাংসৰ চাহিদা বৃদ্ধি পাব বুলিও আশা কৰা হৈছে।

মার্কিন যুক্তৰাষ্ট্রৰ ইট জাষ্ট’ৰ চিন্তাৰ ফলতে কৃত্রিম মাংসই বাস্তৱ ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। কুকুৰাৰ শৰীৰৰ পৰা কোষ সংগ্রহ কৰি কৃত্রিম কুকুৰাৰ মাংস সৃষ্টি কৰিবলৈ সক্ষম হয় প্রতিষ্ঠানটো। কৃত্রিম মাংসৰ এই পদক্ষেপক লৈ অৱশ্যে প্রথমে সন্দেহ প্রকাশ কৰিছিল বিভিন্ন মহলে; কিন্তু পৰীক্ষা কৰাৰ পাছত কৃত্রিম মাংস ব্যৱহাৰৰ অনুমতি প্রদান কৰিছে ছিংগাপুৰৰ খাদ্য নিয়ন্ত্রক দপ্তৰে।

ইট জাষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া জছ টেট্রিকৰ মতে, বিশ্বৰ খাদ্যৰ বজাৰলৈ এই কৃত্রিম মাংসই যুগান্তকাৰী পৰিৱৰ্তন আনিব। ইয়াৰ দ্বাৰা পৰিৱেশ ৰক্ষাও সম্ভৱ হ’ব। বন্ধ হ’ব প্রাণী হত্যাও। ছিংগাপুৰত এই মাংস বিক্রীত অনুমতি লাভ কৰাৰ পাছত সমগ্র বিশ্বত এই মাংস ব্যৱহাৰ কৰিবলৈ অনুমতি লাভ কৰিব বুলিও আশাবাদী হৈ পৰিছে মুখ্য কাৰ্যবাহী বিষয়াজন।

মাংসৰ যােগান বৃদ্ধি কৰিবলৈ চেষ্টা কৰাৰ সময়ত পৰিৱেশৰ যথেষ্ট ক্ষতি হােৱাৰ বিষয়ত ইমানদিনে সতর্ক কৰি আহিছিল বিশেষজ্ঞসকলে। মাংসৰ চাহিদা পূৰণ কৰিবলৈ যােৱাৰ সময়ত প্রথমে পশুপালনত অধিক গুৰুত্ব দিবলগীয়া হৈছিল। ফলত পশুৰ বর্জ পদাৰ্থৰ দ্বাৰা সেউজ গৃহ গেছ মিথেন বৃদ্ধি পাইছিল বায়ুমণ্ডলত। জংঘল পৰিষ্কাৰ কৰি পশুপালনৰ ব্যৱস্থা কৰাত বনভূমিৰ আকাৰ হ্রাস পাই আহিছিল।

সেয়েহে কৃত্রিম মাংসই সমগ্র বিশ্বকে নতুন পথৰ সন্ধান দিব বুলি আশা কৰা হৈছে। বর্তমানলৈ একমাত্র কুকুৰাৰ মাংস কৃত্রিমভাৱে প্ৰস্তুত কৰিলেও ভৱিষ্যতে গাে-মাংস বনােৱাৰাে পৰিকল্পনা আছে ইট জাষ্টৰ।অৱশ্যে প্রতিষ্ঠানটোৱে কৃত্রিম মাংসৰ দাম কিমানকৈ নিৰ্ধাৰণ কৰিছে সেই বিষয়টো এতিয়ালৈ ৰাজহুৱা কৰা হােৱা নাই; কিন্তু।বৰ্তমানৰ বজাৰ দামতকৈ অধিক।নহ’ব বুলিয়ে প্রতিষ্ঠানটোৰ পৰা নিশ্চিত কৰা হৈছে। ভৱিষ্যতে বজাৰ দামতকৈও কমত এনে মাংস যােগান ধৰাৰ আশা কৰা।হৈছে।

কৃত্রিম মাংস বনাওতে ব্যৱহাৰ হােৱা ১২শ লিটাৰ বায়’ৰিয়েক্টৰছৰ প্রায় ২০ বাৰলৈ পৰীক্ষা-নিৰীক্ষা কৰা হয়। এই মাংস মানৱ শৰীৰৰ বাবে কিমানদূৰ নিৰাপদ অথবা ইয়াৰ গুণগত মান কেনে সেই সন্দৰ্ভতাে পৰীক্ষা কৰা হয়। ২০৫০লৈ বিশ্বত মাংসৰ চাহিদা ৭০ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। তেনে সময়ত কৃত্রিম মাংসৰে চাহিদা পূর্ণ কৰাটো জৰুৰী হৈ পৰিব। এতিয়ালৈ কৃত্রিম মাংসক সম্পূর্ণ নিৰাপদ আখ্যা দিয়া হৈছে। সকলাে ধৰণৰ পৰীক্ষা-নিৰীক্ষা সম্পূর্ণ হােৱাৰ পাছতহে বিক্ৰীৰ অনুমতি প্রদান কৰা হৈছে বুলি জনাইছে ছিংগাপুৰৰ ফুড এজেন্সীয়ে।

বহনক্ষম খাদ্য প্রস্তুতত যােৱা বছৰ কেইটাত ছিংগাপুৰে উল্লেখযােগ্য ভূমিকা লৈ আহিছে। বিশেষকৈ ছয়া গছৰ পৰা ‘প্লান্ট বেছড মিট’ বনােৱা হৈছে। ৰঙৰ বাবে ব্যৱহাৰ কৰা হৈছে ‘বিট’। বার্গাৰ-পেটিচ আদিত এনে মাংস ব্যৱহাৰ কৰা হৈছে। বলিউদৰ অভিনয়ৰে জড়িত দম্পতী ৰিতেশ দেশমুখ আৰু জেনেলিয়াই ভাৰতত প্লান্ট বেছড মিট বনাবলৈ অগ্ৰসৰ হৈছে। কাবাব, বিৰিয়ানি, ৰােল আদিত এনে মাংস ব্যৱহাৰ কৰাৰ কথা ইতিমধ্যে দুয়াে সদৰী কৰিছে। ‘গুড ডট’, ‘ভেজল’ আদিৰ দৰে বিকল্প নিৰামিষ মাংসৰ ব্ৰেণ্ড’ ইতিমধ্যে ভাৰততাে গঢ় লৈ উঠিছে। ইয়াৰ বাহিৰেও ‘গুড মিল্ক’ৰ দৰে প্লান্ট বেছড ডেইৰী প্রডাক্টছৰ সামগ্রীও ভাৰতত উপলব্ধ হৈছে। বিকল্প দৈ, চীজ তথা দুগ্ধও সম্প্রতি ভাৰতত প্রস্তুত কৰিবলৈ লােৱা হৈছে।

Exit mobile version