নাদত পৰি উৰেনিশা ককবকাই থকা ৰেজ্জাক আলীৰ কথমপি প্ৰাণ ৰক্ষা

WhatsApp Image 2020 12 08 at 5.50.39 PM

কলগাছিয়াৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁৱত এক নাভূত্ নাশ্ৰুত্ ঘটনাই সমগ্ৰ অঞ্চলব্যাপী তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। বালাগাঁৱৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ আনোৱাৰ হুছেইনৰ চোতালত ব্যৱহাৰ নকৰা এটা নাদত নদিয়াপাৰা গাঁৱৰ ৰেজ্জাক আলী নামৰ এজন লোকজন পৰি ঠাণ্ডাত ককবকাই থাকে।

কাহিলি পুৱাতে অৱসৰ প্ৰাপ্ত অধ্যক্ষ আনোৱাৰ হুছেইনে শুৱা পাটি এৰি নাদৰ পানীত আস্ফালন কৰি থকাৰ শব্দ পাই আগবাঢ়ি যায়। আগবাঢ়ি গৈ মানুহ এজন নাদত পৰি ককবকাই থকা দেখি বিস্মিত হৈ পৰে। এই কাণ্ড দেখি অধ্যক্ষ গৰাকীৰ ঘৰত এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয়।

উপায়ন্তৰ হৈ কলগাছিয়া আৰক্ষী থানাত খবৰ দিয়াত ততাতৈয়াকৈ কলগাছিয়াৰ আৰক্ষী, কলগাছিয়াৰ অগ্নি নিৰ্বাপক আৰু আপদকালিন সেৱাৰ চেষ্টাত মানুহ জনক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত ৰেজ্জাক আলী কোন সময়ত কেনেদৰে আহি নাদত পৰিল সেই সম্পৰ্কে বাতৰি যুগুত কৰা পৰ্যন্ত জানিব পৰা হোৱা নাই। অৱশ্যে ৰেজ্জাক আলী বৰ্তমান সংকট মুক্ত বুলি জানিব পৰা গৈছে।

Exit mobile version