বন্ধৰ সন্ধিয়াই আলোচনাৰ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

কৃষকসকলৰ আহ্বান অনুসৰি আজি সমগ্ৰ দেশজুৰি পালন কৰা হ’ল বন্ধ । পঞ্চম পৰ্যায়ৰ আলোচনাৰ পাছতো আন্দোলনত অটল কৃষকসকল ।

ষষ্ঠ পৰ্যায়ৰ আলোচনা হোৱাৰ সম্ভাৱনা আছে বুধবাৰে । তাৰ পূৰ্বে আজি সন্ধিয়া আন্দোলনকাৰী কৃষকৰ স’তে আলোচনাত মিলিত হ’ব বিচাৰে গৃহমন্ত্ৰী অমিত শ্বাহে ।

কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, আজি সন্ধিয়া সাত বজাত আলোচনাৰ বাবে কৃষকসকলক আমন্ত্ৰণ জনাইছে গৃহমন্ত্ৰীয়ে । আন্দোলনকাৰীসকলে জনাইছে যে কৃষকসকলেও আলোচনাত যোগ দিব ।

গৃহমন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, কৃষক নেতা ৰাকেশ টিকায়টক ফোন কৰি আলোচনাৰ প্ৰস্তাৱ দিয়ে গৃহমন্ত্ৰী শ্বাহে । কৃষক নেতা টিকায়টে সেই কথা স্বীকাৰ কৰি জনাই, ‘মোক গৃহমন্ত্ৰী শ্বাহে ফোন কৰিছিল । বৈঠকত মিলিত হ’বৰ বাবে আহ্বান জনাইছে । আমাক সন্ধিয়া সাত বজাত আমন্ত্ৰণ জনোৱা হৈছে ।’

Exit mobile version