পদপথৰ ক্ষুদ্র ব্যৱসায়ীৰ সমস্যা অনুধাৱন কৰিব কোনে? প্ৰশাসনৰ নিৰ্দেশত হাহাকাৰ

76852039

কৰ’না মহামাৰীৰ ফলত দেশত বলৱৎ হােৱা তলাবন্ধই উপার্জনৰ পথ বন্ধ কৰি পেলােৱাৰ ফলত আর্থিকভাৱে কোঙা হৈ পৰা অধিকাংশ লােকেই এতিয়াও মূৰ দাঙি উঠিবলৈ সক্ষম হােৱা নাই। ৰাজধানী মহানগৰীৰ বিভিন্ন পদপথত এখন সৰু টেবুল নাইবা ঠেলাত পুৱাৰ পৰাই কঠোৰ পৰিশ্ৰমেৰে পাণ-তামােল-চাহৰ দোকান দি দৈনিক জীৱন সংগ্ৰামত ব্ৰতী হােৱা গীতাঞ্জলি,অনিতা, মনমােহন, পৰমেশ্বৰহঁতে আজিও এই সমস্যাৰ পৰা পৰিত্ৰাণ পােৱা নাই। এদিন উপার্জন বন্ধ হলেই পৰিয়াল চলাবলৈ সমস্যাৰ সন্মুখীন হােৱা এইসকল ক্ষুদ্র ব্যৱসায়ীৰ কে’বামহীয়া তলাবন্ধৰ ফলত জীৱন নির্বাহৰ অৱস্থা কিদৰে শােচনীয় হৈ পৰিছিল নকৈ কোৱাৰ প্ৰয়ােজন নাই।

পদপথৰ এই ক্ষুদ্র ব্যৱসায়ীসকলক সকাহ দিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে ‘পি এম ষ্ট্রীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ আঁচনি’ ঘােষণা কৰাৰ সময়তে গুৱাহাটী পৌৰ নিগমে এই ক্ষতিগ্রস্ত ব্যৱসায়ীসকলক পদপথ খালী কৰিবলৈ নির্দেশ দিয়া কার্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে যেতিয়া এটা পৰিয়ালৰ উপাৰ্জনৰ কোনাে পথ নাথাকে তেতিয়া জীয়াই থকাৰ বাবে বহুতে স্বাভাৱিকতে পদপথৰ ওপৰতে এখন অস্থায়ী ক্ষুদ্র প্রতিষ্ঠান প্রতিষ্ঠা কৰি সমস্যাৰ স’তে যুঁজ দিয়ে। কিন্তু এই পদপথৰ ব্যৱসায়ীসকলৰ কোনােদিনে সমস্যাৰ শেষ নাই।

অবৈধভাৱে স্থাপনৰ অজুহাতত কেতিয়াবা যদি আৰক্ষীৰ দ্বাৰা এওঁলােক নির্যাতিত হয় একেদৰে পৌৰ নিগমৰ পৰা সময়ে সময়ে তেওঁলােক উচ্ছেদিত হৈ আহিছে; কিন্তু তাৰ পাছতাে তেওঁলােকে পুনৰ জীৱিকা। উপার্জনৰ মূল পথ হিচাপে পদপথকেই বাচি লয়। উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ এই পদপথৰ ব্যৱসায়ীসকলক স্বীকৃতি প্রদান কৰি নির্দিষ্ট স্থান নিৰূপণ কৰি দিয়া হৈছে যদিও অসমত বৰ্তমানলৈ এই ব্যৱস্থা বলৱৎ হােৱা নাই।

ফলত সময়ে সময়ে পদপথৰ ব্যৱসায়ী আৰু সংশ্লিষ্ট থানাৰ আৰক্ষী, পৌৰ নিগমৰ মাজত বাকযুদ্ধ অব্যাহত আছে আৰু তাৰ মাজতে দৈনিক উপার্জনৰ জৰিয়তে নিজৰ পৰিয়াল পােহপাল দি আহিছে এইসকল ব্যৱসায়ীয়ে। উল্লেখ্য যে এইসকল পদপথৰ ব্যৱসায়ীক প্রধানমন্ত্রী মােদীয়ে মান্যতা প্রদান কৰি তেওঁলােকক জীয়াই থকাৰ এক পথ মুকলি কৰি দিছে যদিও ৰাজধানী মহানগৰীৰ ব্যৱসায়ীসকলক শেহতীয়াকৈ পদপথ খালী কৰিবলৈ দিয়া নির্দেশক লৈ সর্বত্রে বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

বিশেষকৈ পাণবজাৰ আৰু জি এছ ৰােডত এই কেইদিন পদপথৰ ওপৰত থকা প্রতিষ্ঠানসমূহ খালী কৰিবলৈ মাইক যােগে নির্দেশ প্রদান কৰি আহিছে পৌৰ নিগমে। এই সন্দৰ্ভত পদপথ ব্যৱসায়ী সন্থাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে চৰকাৰৰ মানৱতাহীন চৰিত্র এই নির্দেশৰ জৰিয়তে প্ৰকাশ পাইছে। সকলােৱে জানে। পদপথত ব্যৱসায়ী কৰা পৰিয়ালসমূহে সাম্প্রতিক সময়ত কিদৰে জীৱন নির্বাহ কৰিবলগীয়া হৈছে। প্রথমে সংশােধিত নাগৰিকত্ব আইন বিৰােধী আন্দোলনৰ সময়ত বন্ধ আৰু শেহতীয়াকৈ কৰ’না বাবে হােৱা দীঘলীয়া বন্ধই এই ব্যৱসায়ীসকলক একেবাৰে নিঃশেষ কৰি পেলালে।

আজিও পুনৰ ব্যৱসায়ী কৰিবলৈ বহুতৰে নাই মূলধন। বহু উভতি গ’ল নিজ গাঁৱলৈ। কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ ঋণ দিয়াৰ ব্যৱস্থা কৰিছে যদিও অসমৰ ব্যৱসায়ীসকলে তাৰ সুফল লাভ কৰা নাই। কম সংখ্যকে ব্যক্তিগত ঋণ লৈ পুনৰ ব্যৱসায় আৰম্ভ কৰিছে যদিও এতিয়া পৌৰনিগমে পদপথ খালী কৰাৰ নির্দেশ দিছে। কি কৰি খাম আমি? বহুতেই এতিয়াও ঘৰ ভাড়া দিবলৈ বাকী, তলাবন্ধৰ সময়ত পৰিয়াল চলাবলৈ লােৱা ঋণ মাৰিব পৰা নাই, ল’ৰা-ছােৱালীৰ শিক্ষাটো বাদেই দিলাে।

আমাক ঠন ধৰি উঠিবলৈতাে অলপ সময় দিয়ক। এফালে ঋণ দিছে আৰু আনফালে উচ্ছেদৰ জাননী, এয়া কেনে মানৱতা? এইদৰে প্রশ্ন কৰে সন্থাই।ইফালে, জি এছ ৰােডৰ পদপথত ক্ষুদ্র ব্যৱসায়ৰ জৰিয়তে তিনিজনীয়া পােহপাল দিয়া গীতাঞ্জলীয়ে আৱেগিক হৈ কয়, ‘যােৱা তিনিদিন ধৰি পৌৰনিগমে মাইকযােগে ঘােষণা কৰি গৈছে, ঠাই খালী নকৰিলে নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিব। কি কৰিম উপায় নাই। এই দোকান নিদিলে আমাৰ অন্য পথ নাই। এদিন দোকান বন্ধ কৰিলেই খাবলৈ নাপাও।

আজি দোকান বন্ধ, কোনে বিশ্বাস কৰিব আমাৰ ঘৰত আজি চাউল নাই। তলাবন্ধত মানুহজনৰাে কাম নাইকিয়া হ’ল। এতিয়া দুয়াে দোকানখনেই চলাইছাে কোনােমতে ঋণ লৈ। কেন্দ্রীয় চৰকাৰৰ ঋণাে আৱেদন কৰিছাে কিন্তু পােৱা নাই। মই হাতযােৰ কৰি কৈছে— দয়া কৰি আমাক জীয়াই থকাৰ এক পৰিৱেশ দিয়ক। একেদৰে পাণবজাৰৰ পদপথত দোকানৰ জৰিয়তে পৰিয়াল পােহপাল দিয়া অনিতা, মনমােহন, পৰমেশ্বৰ, নমিতা আদিয়েও পদপথ খালী কৰাৰ ঘােষণাৰ সন্দৰ্ভত কয়,‘আমাৰ এইদৰে যুদ্ধ কৰি থাকোতেই দিন যাব।

এফালে জীৱন যুদ্ধ আনফালে প্রশাসনৰ লগত যুদ্ধ; কিন্তু এই মুহূর্তত পৌৰনিগমে খালী কৰিবলৈ দিয়া নির্দেশনা কিমান দূৰ গ্রহণযােগ্য আমি নাজানাে। আমাৰতাে লাখ লাখ টকা নাই যে ডাঙৰ ব্যৱসায় কৰি পূৰ্বৰ পৰিৱেশ ঘূৰাই আনিম। কেন্দ্রীয় চৰকাৰে ঋণ দিছে আৱেদন কৰিছাে। উল্লেখ্য যে এই পদপদৰ ব্যবসায়ীসকলে বর্তমানলৈকে পৌৰনিগমৰ কোনাে অনুজ্ঞাপত্র লাভ নকৰিলেও দীর্ঘকাল ধৰি মহানগৰীৰ পদপথত ব্যৱসায় কৰি পৰিয়াল পােহপাল দি আহিছে।

অৱশ্যে শেহতীয়া তলাবন্ধৰ ফলত মহানগৰীত পদপথত নতুন ব্যৱসায়ীৰ সৃষ্টি হৈছে যদিও সমান্তৰালভাৱে পূৰ্বৰ বহু ব্যৱসায়ীৰে আর্থিক দৈন্যৰ ফলত বর্তমানেও ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হোৱা নাই। শেহতীয়াকৈ কিছুসংখ্যক লােকে পুনৰ ব্যৱসায় আৰম্ভ কৰি পৰিস্থিতিৰ স’তে মােকাবিলা কৰিবলৈ সংগ্রাম অব্যাহত ৰখাৰ মাজতে পৌৰ নিগমক এই সকল ব্যৱসায়ীক ঠন ধৰি উঠিবলৈ সময় দিয়া দিয়া উচিত বুলি সচেতন মহলে মত ব্যক্ত কৰিছে

Exit mobile version