বাক্সাৰ দাওধাৰা-লক্ষী বজাৰত নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনাঃ নিশা উত্তপ্ত পৰিস্থিতি

e1613f79 79d9 4a1f 8a38 869609628523

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ দাওধাৰা আৰু লক্ষী বজাৰত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ২২ নং ককলাবাৰী পৰিষদীয় সমষ্টি তথা শিমলা আৰক্ষী থানাৰ অন্তৰ্গত লক্ষীবজাৰত ককলাবাৰী-চাপাগুৰি এবছুৰ কাৰ্যালয়ত দুৰ্বৃত্তই ক্ষতিসাধন কৰাৰ উপৰি লক্ষীবজাৰত যুৱ বিপিএফৰ কাৰ্যালয় আৰু দাওধাৰাত দাওধাৰা আৰক্ষী চকীৰ ৫০ মিটাৰ নিলগৰ বিপিএফৰ কাৰ্যালয়ত থকা পাঁচখনকৈ বাইক ভাঙি চুৰমাৰ কৰাৰ লগতে এখন বাইকত অগ্নিসংযোগ কৰে।

তাৰোপৰি দুয়োটা কাৰ্যালয়ৰে আচবাব ভাঙি লণ্ড-ভণ্ড কৰে দুস্কৃতিকাৰীয়ে৷ চাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে ঘটনা সংক্ৰান্তত অভিযোগ উত্থাপন কৰি কয়, ‘যোৱাকালি নিশা প্ৰথমে দাওধাৰাৰ কামাৰদৈছাত ঘটনাৰ সূত্ৰপাত হয়৷ তাত থকা যুৱ বিপিএফৰ কাৰ্যালয়ৰ দুৱাৰ-খিৰিকী ভঙাৰ লগতে কাৰ্যালয়ৰ বেৰ, পাঁচখনকৈ বাইকৰ ক্ষতিসাধন কৰে৷ ঘটনাৰ সময়ত ইউপিপিএল জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ শ্ল’গান দিয়াকলৈ নিঃসন্দেহে ক’ব পাৰি ইয়াত ইউপিপিএলৰ লোক জড়িত আছে৷

বিপিএফৰ কাৰ্যালয়ৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত দাওধাৰা আৰক্ষী চকী থকা স্বত্বেও এনেকুৱা ঘটনা সংঘটিত হ’বলৈ পোৱাটো দুৰ্ভাগ্যজনক কথা৷ ঘটনাত প্ৰশাসনৰ লোকো জড়িত থাকিব পাৰে৷ ঘটনাৰ প্ৰাক মুহূৰ্তত ইউপিপিএলৰ লোকে লক্ষী বজাৰৰ পৰা ইউপিপিএল জিন্দাবাদ, প্ৰমোদ বড়ো জিন্দাবাদ শ্ল’গান দি দাওধাৰালৈ আহি ঘটনা সংঘটিত কৰে৷ প্ৰশাসনক জনোৱা স্বত্বেও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷ প্ৰশাসনে এনেকুৱা ঘটনা সংঘটিত হ’বলৈ সুবিধা দিব নালাগে ৷

প্ৰমোদ বড়োৱে পৰাজয়ৰ আশংকাত এনেকুৱা কাম কৰিছে ৷ বৰ্তমান বিজেপি চৰকাৰে বিপিএফ দলক অত্যাচাৰ কৰি বিটিচি নিৰ্বাচনৰ জৰিয়তে বিপিএফ দলক পৰাস্ত কৰিবলৈ প্ৰচেষ্টা চলাইছে ৷ কিন্তু বিপিএফক পৰাস্ত কৰিব নোৱাৰিব৷ ৰাইজ বিপিএফৰ লগত আছে ৷’ ২২ নং ককলাবাৰী সমষ্টিৰ বিপিএফ প্ৰাৰ্থী ধীৰেণ বড়োৱে ঘটনাটো তীব্ৰ ভাষাৰে গৰিহণা দি কয়, ‘ঘটনাত চৰকাৰ জড়িত আছে ৷ প্ৰশাসনক ব্যৱহাৰ কৰিছে চৰকাৰে৷ এনেকুৱা বিক্ষিপ্ত ঘটনাবোৰত চৰকাৰৰ হাত আছে৷ চৰকাৰ গঠনৰ ক্ষেত্ৰত চৰকাৰ আৰু ইউপিপিএল-এ একেলগে কাম কৰিছে ৷ এই ঘটনাত ইউপিপিএল প্ৰত্যক্ষভাৱে জড়িত আছে৷

নিৰ্বাচনত হাৰাৰ আশংকাত একাংশ ইউপিপিএল কৰ্মী-সমৰ্থকে সংঘটিত কৰিছে এই ঘটনা ৷’ আনহাতে ককলাবাৰী-চাপাগুৰি এবছুৰ নেতা জনৈক যুৱৰাজ বসুমতাৰীৰ অভিযোগ অনুসৰি এই ঘটনাত কোনোধৰণে এবছু বা ইউপিপিএলৰ কোনো কৰ্মী জড়িত নাই ৷ উত্তেজিত একাংশ ৰাইজেহে সংঘটিত কৰিছে এই ঘটনা৷ উল্লেখযোগ্য যে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বুদ্ধি নাৰ্জাৰীয়ে পোনপ্ৰথমে নিশা ককলাবাৰী-চাপাগুৰিৰ লক্ষীবজাৰস্থিত এবছুৰ কাৰ্যালয়ত উপস্থিত হৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতে ঘটনাৰ সূত্ৰপাত হয় বুলি এবছু নেতা গৰাকীয়ে অভিযোগ কৰে৷ ইতিমধ্যে ঘটনা সংক্ৰান্তত শিমলা আৰক্ষী থানাত উভয়পক্ষই এজাহাৰ দাখিল কৰি দোষী ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনাইছে৷

Exit mobile version