৬০ বছৰীয়া কেৰিয়াৰত ছয় শতাধিক গীত ৰচনা কৰিছে ন’বেলজয়ী শিল্পীয়ে

1bd6adb8

নিজৰ বর্ণময় সংগীত জীৱনত সৃষ্টি কৰা অনুপম গীতসমূহৰ স্বত্ত্ব বিক্রী কৰিলে ন’বেলজয়ী গায়ক-গীতিকাৰ বব ডিলানে। মহান। শিল্পীজনৰ গীতৰ স্বত্ত্ব ক্রয় কৰা আমেৰিকাৰ ইউনিভাৰছেল মিউজিক গ্রুপ (ইউএমজি) তৰফৰ পৰা এই কথা সদৰী কৰিছে। সংগীত প্রকাশক সংস্থাটোৱে ডিলানৰ সকলাে গীতৰ কেটেলগ ক্ৰয় কৰা বুলি জনাইছে। অৱশ্যে ইয়াৰ ধনৰ পৰিমাণ সদৰী কৰা হােৱা নাই। তথাপি এই ধনৰ পৰিমাণ আনুমানিক ৩০ কোটি ডলাৰ বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য যে ২০১৭ নবেল বঁটাৰে সন্মানীত ডিলানে নিজৰ ৬০ বছৰীয়া কেৰিয়াৰত ছয় শতাধিক গীত ৰচনা কৰাৰ উপৰি অসংখ্য গীতত সুৰৰ দিছে। প্রায় প্রতিটো গীততে সমাজ জীৱনৰ ছাপ থকাৰ বাবেই ডিলানে বিশ্বব্যাপী খ্যাতি অর্জন কৰিছে। তেওঁৰ ৰচিত কালজয়ী গীতসমূহৰ ভিতৰত অন্যতম হৈছে ‘ব্রয়িং ইন দ্য উইণ্ড’, ‘লাইক এ বােলিং ষ্টোন, দ্য টাইমছ দে আৰ এ চেঞ্জিং’,টেংগল আপ ইন ব্লু’, ‘লে লেডী লে’, ‘মেক ইউ ফিল মাই লাভ’, ফ’এভাৰ ৱান’ আদি। কালি চুক্তিৰ কথা সদৰী কৰি ইউএমজিৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া লুচিয়ান গ্রেইঞ্জে কয়, কোনাে সন্দেহ নাই যে কিছু দশক, আনকি আজিৰ পৰা কে’বা শতাব্দীৰ পাছতাে বব ডিলানৰ গান সমানেই প্রাসংগিক হৈ থাকিব।

এয়া কোনাে গােপন বিষয় নহয় যে ভা সংগীতৰ মূল চাবিকাঠি হৈছে গীত ৰচনা। আৰু গীতিকাৰ, সুৰকাৰ আৰু গায়কৰূপে বব আসামান্য। অর্ধ শতিকাৰাে পূর্বে ৰচনা কৰা তেওঁৰ গীত অনুপ্ৰেৰণামুলক তথা সময়ােপযােগী। নিজৰ পৰিয়াললৈ ডিলানক স্বাগতম জনাব পাৰি অশেষ গৌৰৱ অনুভৱ কৰা বুলিও তেওঁ কয়। উল্লেখ্য যে ১৯৬২ত ডিলানে এশ ডলাৰৰ বিনিময়ত প্রথম চুক্তি কৰিছিল। তেওঁৰ গীতৰ স্বত্ত্ব দিয়া হৈছিল লৌ লিভাই অৱ লীড়ছু মিউজিক পাৰিছি। পৰৱৰ্তী সময়ত ডিলানৰ গীতৰ মূল্য বৃদ্ধি পাবলৈ ধৰে। বিটলছ’ পাছত সম্প্রতি ডিলাৰ গীতেই সবাতােকৈ মূল্যবান। শেহতীয়াকৈ ৭৯ বছৰীয়া গীতিকাৰ-সুৰকাৰ- গায়কজনৰ শিল্পকর্মৰ তত্ত্বাৱধায়ক আছিল ছনী/এটিভি। সংস্থাটো আমেৰিকাৰ বাহিৰত ডিলানৰ গীতৰ স্বত্ত্বাধিকাৰ আছিল।

আনহাতে, আমেৰিকাত ডিলানৰ নিজা সংস্থাই সকলােবােৰ চোৱাচিতা কৰিছিল। কিন্তু নতুন চুক্তি অনুসৰি, এতিয়াৰ পৰা ডিলানৰ গীতৰ পৰা হােৱা সকলাে উপার্জন ইউএমজিয়ে লাভ কৰিব। ইয়াৰ ভিতৰত গীতিকাৰ আৰু প্ৰতিটো গীতৰ কপিৰাইট নিয়ন্ত্রকৰূপে ডিলানে বর্তমানলৈকে পাই থকা ধনাে আছে। অৱশ্যে ছনী/এটিভি মিউজিকৰ তৰফৰ পৰা দাবী কৰা হৈছে যে তেওঁলােকৰ মাজত থকা চুক্তিৰ ম্যাদ থকালৈকে সংস্থাটোৱেই আমেৰিকাৰ বাহিৰত ডিলানৰ গীতৰ তদাৰক কৰিব।

ছনীয়ে অৱশ্যে ডিলানৰ গীতৰ বাণীবদ্ধ কৰাৰ স্বত্ত্বও নিজৰ দখলত ৰাখিছে। ৰবাৰ্ট জিমাৰমেন নামৰ পৰা বব ডিলান নামেৰে বিখ্যাত হৈ পৰা ন’বেলজয়ী গীতিকাৰ-গায়কজনে এই পর্যন্ত নিজৰ সংগীত জীৱনত ১০টা প্রেমী বটা লাভ কৰাৰ উপৰি প্ৰেছিডেন্সিয়েল মেডেল অৱ ফ্রীডম সন্মান তথা এবাৰকৈ গল্ডেন গ্ল’ব আৰু অস্কাৰ পুৰস্কাৰ অৰ্জন কৰিছে। বর্তমানলৈকে ডিলান ১২৫ নিযুতৰাে অধিক গীতৰ ৰেকর্ড
বিক্ৰী হৈছে।

Exit mobile version