তলাবন্ধত পত্নীৰ লগত কাজিয়া মূৰ ঠাণ্ডা কৰিবলৈ স্বামীয়ে দৌৰিলে ৪৫০ কিলােমিটাৰঃ ইটালী স্বামী-স্ত্রীৰ গৃহ কন্দল

কৰ’না সংক্রমণক বাধা দিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু দেশত এতিয়াও বন্ধ অব্যাহত আছে। ইয়াৰ ফলত বহু মানুহে নিজকে গৃহবন্দী কৰি ৰাখিবলৈ বাধ্য হৈছে। যাৰ পৰােক্ষ প্রভাৱত বহু পৰিয়ালত গৃহ কন্দলাে আৰম্ভ হৈছে। বিশেষকৈ স্বামী-স্ত্রীৰ মাজত দুর্বাদল কাজিয়া হােৱাটো স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে। বৃদ্ধি পাইছে বিবাহ বিচ্ছেদৰ ঘটনাও। কিন্তু পত্নীৰ লগত কাজিয়া কৰি ৪৫০ কিলােমিটাৰ পর্যন্ত দৌৰা স্বামীৰ কথা হয়তাে এই সময়লৈ কোনেও দেখা অথবা শুনা নাই ।

কথাটো শুনাসকলে অবিশ্বাস কৰিলেও বাস্তৱতে এই ঘটনাটো সংঘটিত হৈছে ইটালীত। ঘটনাটোৱে বিভিন্ন সংবাদ মাধ্যমতাে শিৰােনামা দখল কৰিছে। ঘটনা অনুসৰি যােৱা দেওবাৰে নিশা প্রায় দুই বজাত ইটালীৰ উপকূলৱৰ্তী ফানাে নামৰ স্থানৰ পথত এজন লােকক সন্দেহজনকভাৱে ঘূৰা-পকা কৰি থকা দেখা পায় দায়িত্বৰত আৰক্ষীয়ে। নিশাৰ সান্ধ্য আইন অমান্য কৰাৰ অভিযােগত লােকজনক আৰক্ষীয়ে প্রথমে আটক কৰি আনে। তাৰ পাছত আৰম্ভ হয় সােধ-পােছ।

গভীৰ নিশা তলাবন্ধৰ নিদের্শনা অমান্য কৰি পথত ঘূৰি ফুৰাৰ কাৰণ জানিব বিচাৰে আৰক্ষীয়ে। ইয়াৰ উত্তৰ দি লােকজনে কয়, মােৰ ঘৰ উত্তৰ ইটালী কমাে অঞ্চলত। এসপ্তাহ পূর্বে পত্নীৰ লগত মােৰ মনােমালিন্য হৈছিল। ইয়াৰ পাছত মূৰটো শীতল কৰিবলৈ ঘৰৰ পৰা ওলাই দৌৰিবলৈ আৰম্ভ কৰিলাে। এসপ্তাহ ধৰি এনেদৰে দৌৰিয়ে আছে। এনেদৰেই আহি ফানাে পালাে। সকলাে কথা শুনাৰ পাছত আৰক্ষীয়ে লােকজনক ৪৫০ ডলাৰৰ জৰিমনা বিহে।

লােকজনক লগত থকা সকলাে কাগজপত্র পৰীক্ষা কৰাৰ পাছত আৰক্ষীয়ে জানিব পাৰে যে তেওঁৰ পত্নীয়ে ক’মাে অঞ্চলৰ থানাত স্বামী সন্ধানহীন হােৱাৰ সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছে। ইয়াৰ পাছত আৰক্ষীয়ে লােকজনৰ পত্নীলৈ এই সন্দৰ্ভত খবৰ প্রেৰণ কৰে অৱশেষত পত্নীয়ে আহি স্বামীক ঘৰলৈ ওভতাই লৈ যায়। এই সন্দৰ্ভত ৪৮ বছৰীয়া লােকজনে কয়, ‘পত্নীৰ লগত কাজিয়া লগাৰ সময়ত মূৰটো গৰম হৈ গৈছিল।

সেয়েহে কোনাে অশান্তি নকৰি পােনপটীয়াকৈ দৌৰিবলৈ আৰম্ভ কৰিলাে। প্রতিদিনে প্রায় কিলােমিটাৰকৈ দৌৰিছিলাে। কোনাে যান-বাহনত কিন্তু উঠা নাছিলাে। পথত কিছু লােকে মােক খাদ্য আৰু পানী দিছিল। এতিয়া মই ঠিকে আছে। কিন্তু যথেষ্ট ক্লান্ত অনুভৱ কৰিছাে।

Exit mobile version