কৃষক প্ৰতিবাদ নে ভাৰত-পাক দ্বন্দ !

362618540 scaled e1597120746466

ভাৰতৰ কৃষক বিক্ষোভক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে । আমেৰিকান কংগ্ৰেছেও এই সন্দৰ্ভত মত প্ৰকাশ কৰে । কিন্তু দেখা গ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনৰ এই বিষয়ত কোনো ধাৰণা নাই ।

কালি ব্ৰিটিছ সংসদত লেবাৰ পাৰ্টিৰ এম পি তনমনজিৎ সিঙে ভাৰতৰ কৃষক প্ৰতিবাদৰ বিষয়ে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে, ‘এই বিষয়ত আপুনি কি মত প্ৰকাশ কৰে?’ উত্তৰত প্ৰধানমন্ত্ৰী জনছনে কয়, ‘ভাৰত আৰু পাকিস্তানৰ মাজত যি চলি আছে সেয়া সঁচাই উদ্বেগজনক । কিন্তু এইটো দ্বিপাক্ষিক বিষয় । ইয়াত আমি মাত নামাতাই ভাল ।’

প্ৰধানমন্ত্ৰীৰ উত্তৰ শুনি হতভম্ব হয় এম পি । ইয়াৰ পাছত আৰু তেওঁ এই বিষয়ত কোনো মন্তব্য নকৰে । পাছত তেওঁ টুইট কৰে, ‘মুখ খোলাৰ পূৰ্বে বিষয়টোৰ সম্পৰ্কে কিছু জানি লোৱা উচিত প্ৰধানমন্ত্ৰীৰ।’

আজি প্ৰধানমন্ত্ৰী ব’ৰিছৰ মুখপাত্ৰই এক বিবৃতিত কয়, ‘এম পিৰ প্ৰশ্নটো ভালকৈ শুনিবলৈ পোৱা নাছিল প্ৰধানমন্ত্ৰী জনছনে । ভাৰতৰ কৃষক আন্দোলনৰ ওপৰত দৃষ্টি ৰাখিছে ব্ৰিটিছ বৈদেশিক মন্ত্ৰণালয়ে ।’

চৰকাৰী স্তৰত এ‌য়া প্ৰথম জনোৱা হ’ল যে ব্ৰিটেইন ভাৰতৰ কৃষক আন্দোলনৰ বিষয়ে অৱগত । যোৱা সপ্তাহত বৈদেশিক মন্ত্ৰণালয়ৰ অধীনত ফৰেণ কমনৱেলথ আৰু ডেভলপমেণ্ট কাৰ্যালয়ে জনাই যে, কৃষক আন্দোলন ভাৰতৰ আভ্যন্তৰীণ বিষয় । সেয়ে তেওঁলোকে এই বিষয়ত কোনো মন্তব্য নকৰে ।

Exit mobile version