পাকিস্তানস্থিত দিলীপ কুমাৰ-ৰাজকাপুৰৰ পৈতৃক গৃহৰ দাম নির্ধাৰণ পাক প্রশাসনৰ

162009 untitled design 3

বলিউদৰ দুই কিংবদন্তি অভিনেতা দিলীপ কুমাৰ আৰু প্রয়াত ৰাজকাপুৰৰ পাকিস্তানস্থিত পৈতৃক গৃহৰ এইবাৰ দাম নির্ধাৰণ কৰিলে পাক চৰকাৰে। জৰাজীৰ্ণ অৱস্থা পৰি আছে অট্টালিকাসদৃশ দুয়ােটা বাসভৱন। যােৱা ছেপ্টেম্বৰত পাকিস্তানৰ খাইবাৰ পাখতুনখােয়াৰ ৰাজ্যিক প্রশাসনে দুয়ােটা গৃহ ক্রয় কৰি ৰাষ্ট্ৰীয় ঐতিহ্য’ৰ তালিকাভুক্ত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল।

অৱশ্যে তাৰ পূর্বেই ধ্বংসৰ মুখলৈ গতি কৰা গৃহ দুটা ভাঙি পেলােৱাৰৰ নির্দেশ দিয়া হৈছিল একাধিকবাৰ।কিন্তু গৃহ দুটা ক্রয় প্রক্রিয়া ইতিমধ্যে আগবঢ়োৱাৰ পাছত  এইবাৰ অধিক সক্রিয় হৈছে স্থানীয় প্রশাসন। দিলীপ কুমাৰৰ ১০৮৯ বর্গফুটৰ গৃহটোৰ বাবে ৮০ লাখ ৫৬ হেজাৰ টকাৰ দাম নির্ধাৰণ কৰা হৈছে। ৰাজ কাপুৰৰ ১৬৩৩.৫ বর্গ ফুটৰ গৃহটো ডেৰ লাখ টকাত কিনি লােৱাৰ কথা জনাইছে স্থানীয় ৰাজ্যিক প্রশাসনে পেছােৱাৰৰ উপায়ুক্ত মহম্মদ আলি আজগৰে গৃহ দুটাৰ মূল্য নির্ধাৰণৰ দায়িত্ব পালন কৰিছে।ৰাজ কাপুৰৰ গৃহটোক স্থানীয়ভাৱে ‘কাপুৰ হাৱেলি’ৰূপে সকলােৱে জানে।

১৯১৮ আৰু ১৯২২ৰ মাজৰ সময়ছােৱাত গৃহটোৰ নির্মাণ কার্য কৰিছিল ৰাজ কাপুৰৰ ককাদেউতাকে।পেছােৱাৰস্থিত এই বাসভৱনতে ৰাজ কাপুৰৰ জন্ম হৈছিল। আনহাতে, দিলীপ কুমাৰৰ গৃহটোও প্রায় শতবর্ষ পুৰণি। ২০১৪ত তদানীন্তন নৱাজ শ্বৰীফ চৰকাৰে গৃহটো ৰাষ্ট্ৰীয় ঐতিহ্যৰ তালিকাভুক্ত কৰিছিল।

কাপুৰে হাৱেলিৰ বর্তমান গৰাকী মালিক আলি কদৰে এই সম্পর্কত কয়, ‘মই বিচৰা নাই এনে এটা ঐতিহ্যবাহী গৃহ। ভাঙি পেলােৱা হওক। মই এই সন্দৰ্ভত প্রত্নতত্ত্ব বিভাগৰ একাধিক বিষয়াৰেও কথা-বতৰা হৈছে। আবেদন জনাইছাে যাতে এই ঐতিহ্যবাহী গৃহক দেশৰ গৌৰৱ হিচাপে সংৰক্ষণ কৰা হয়।’ গৃহটোৰ গৰাকীয়ে কাপুৰ হাৱেলিৰ বাবে ৰাজ্যিক চৰকাৰৰ পৰা দুশ কোটি টকা দাবী কৰাত সমগ্ৰ প্ৰক্ৰিয়াটো বাধাগ্রস্ত হােৱাৰ অভিযােগ উঠিছে।

Exit mobile version