বিটিচি নিৰ্বাচনৰ সামৰণি

বৃহস্পতিবাৰে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ ১৯টা পৰিষদীয় সমষ্টিত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হয় । কে’বাটাও বিক্ষিপ্ত ঘটনাৰ মাজৰে সম্পন্ন হয় বিটিচি নিৰ্বাচন । ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পাছত সকলো‌ দলৰ প্ৰতিনিধিয়ে জয়ী হ’ব বুলি দাবী উত্থাপন কৰে । ড° হিমন্ত বিশ্ব শৰ্মা, হাগ্ৰামা মহিলাৰীৰ মাজত নিৰ্বাচন সমাপ্ত হোৱাৰ পাছতো বিতৰ্ক অব্যাহত থকা দেখা যায় ।

অৱশ্যে ড° শৰ্মাই কয় যে, যিহেতু এতিয়া নিৰ্বাচনৰ অন্ত পৰিল গতিকে তেওঁৰ বাকযুদ্ধৰো অন্ত পৰিল । মহিলাৰীয়ে কয়, ‘য’ত হিমন্ত আছে, তাত মই নাই’ ।

ইপিনে কোকৰাঝাৰ জিলাৰ বাওখুংগ্ৰী পৰিষদীয় সমষ্টিৰ শালবাৰীৰ এটা কেন্দ্ৰত ভোটগ্ৰহণ চলি থকাৰ মাজতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । দুটা পক্ষৰ মাজত চলা খণ্ড যুদ্ধত ইউপিপিএলৰ তিনিজন কৰ্মী আহত হয় । এই ঘটনাত বিপিএফ জড়িত থকা বুলি অভিযোগ কৰে ইউপিপিএলৰ সভাপতিজনে‌ ।

ভিন্ন পৰিস্থিতিৰ মাজেৰে এইদৰেই বিটিচি নিৰ্বাচন সম্পন্ন হয় । ১২ ডিচেম্বৰত ফলাফলৰ পাছতহে দলসমূহৰ ভাগ্য নিৰ্ণয় হ’ব, কোন দলে চৰকাৰ গঠন কৰিব ।

Exit mobile version