স্থল-নৌ-বিমান তিনিওটা বাহিনীতে কার্যনির্বাহ কৰা একমাত্র সেনাবিষয়া

Screenshot 119

অৱসৰপ্ৰাপ্ত কর্ণেল পৃথিপাল সিং গিলে শুকুৰবাৰে শততম ওপজা দিন উদ্যাপন কৰে। অৱসৰপ্রাপ্ত এইজন সেনা বিষয়াই ভাৰতীয় সেনাৰ স্থল, নৌ আৰু বিমান তিনিওটা বাহিনীতে দায়িত্ব বহন কৰি অহা একমাত্র বিষয়াৰূপে সমাদৃত আহিছে। ভাৰতীয় সেনাবাহিনীৰ তিনিওটা শখাতে কাম কৰি অহা এইজন সেনা বিষয়াই দ্বিতীয় বিশ্বযুদ্ধৰ পূর্বে বয়েল ইণ্ডিয়ান এয়াৰফৰ্চত যুৱাৱস্থাতে পাইলট হিচাপে কর্ম জীৱনৰ আৰম্ভ কৰিছিল। পৰৱর্তী পর্যায়ত কর্ণেল গিলে গভীৰ সমুদ্রত নৌসেনাৰ বিষয়া হিচাপে দেশৰ সুৰক্ষাত নিয়ােজিত হয়।

পাছত সেনাৰ গােলন্দাজ বাহিনীৰ মাধ্যমত দেশলৈ সেৱা আগবঢ়াই কর্ণেল গিলে। প্রবীণ সেনা বিষয়াজনে দ্বিতীয় বিশ্বযুদ্ধ আৰু ১৯৬৫ৰ ভাৰত-পাকিস্তান যুদ্ধততা দেশৰ হৈ সেৱা আগবঢ়াইছে। অৱসৰৰ পূর্বে কর্ণেল গিলে আছাম ৰাইফলছৰ অধিনায়ক হিচাপে মণিপুৰতাে কার্যনির্বাহ কৰিছিল। এইজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া শতায়ু হােৱা উপলক্ষে শুকুৰবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ একাধিক লােকে তেওঁক ছ’চিয়েল মিডিয়াযােগে শুভেচ্ছা জনায়।

লেফটেনেন্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) কে জে সিঙে এক টুইট কৰি কয়, ‘পৰিয়ালৰ অনুমতি অবিহনে কর্ণেল পৃথিপাল সিং গিলে ৰয়েল ইণ্ডিয়ান এয়াৰফৰ্চত যােগদান কৰিছিল। পাইলট বিষয়া হিচাপে নিযুক্তি লাভ কৰা গিলে পৰাধীন ভাৰতৰ কৰাচীৰ আকাশত হাবার্ড এয়াৰক্রাফট, উৰুৱাইছিল। প’ষ্টটোত সিঙে কর্ণেল গিলৰ সাম্প্রতিক কালৰ অৰু যুৱাৱস্থাৰ দুখনকৈ ছবিও সংলগ্ন কৰিছে। সিঙে কর্ণেল গিলৰ বিষয়াৰ ৰপত কৰা প্ৰেৰণাদায়ক কর্মৰ বিষয়টো কিছু কথা বঙি ধৰে প’ষ্টটোত।

কর্ণেল সিঙে নৌসেনাৰ জাহাজ আই এন এছ টিৰত থাকি মাইনৰ সন্ধান কৰ’ৰ দৰে জীৱনৰ শংকা থকা দায়িত্বতাে কার্যনির্বাহ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামগ্রী পৰিবহণ কৰা জাহাজক নিৰাপত্তা প্রদান কৰা নৌসেনাৰ বিশেষ সুৰক্ষা বাহিনীতে সেৱা আগবঢ়াই গৈছে কর্ণেল গিলে। ভেলালিস্থিত স্কুল অৱ আর্টিলেৰিত বিশেষ প্রশিক্ষণপ্রাপ্ত কর্ণেল গিলে পাছত গােৱালিয়ৰ মাউনটেইন বেটাৰতাে কার্যনির্বাহ কৰিছে। ১৯৬৫ৰ ভাৰত- পাকিস্তান যুদ্ধত ‘৭১ মেড ৰেজিমেন্ট’ৰ অধিনায়কৰূপে দায়িত্ব নির্বাহ কৰা কর্ণেল গিল ভাৰতীয় লসেনাবাহিনত আগবঢ়োৱা অসাধাৰণ কৰ্মৰ বাবে চিৰ পৰিচিত হৈ আছে। এইজন অৱসৰপ্ৰাপ্ত সেনা বিষয়াই পঞ্জাৱৰ ফৰিদকোটৰ ওচৰৰ জন্মগাঁৱত এজন কৃষকৰপে পৰৱর্তী জীৱন আগবঢ়াই নিছে।

Exit mobile version