হনুমান মন্দিৰলৈ কোটি টকাৰ ভূমিদান ইছলাম ধৰ্মাৱলম্বী ব্যৱসায়ীৰ

Bengaluru Muslim businessman donated land worth Rs 80 lakh for

সম্প্রীতিৰ বাবে বিশেষভাৱে পৰিচিত ভাৰতত হিন্দু-মুছলমানৰ ক্ষেত্ৰত আন এক নিদর্শন দাঙি ধৰিলে বাংগালুৰুৱে। বিভিন্ন সাম্প্রদায়িক অশান্তিৰ বাতৰিয়ে শিৰােনাম দখল কৰি থকাৰ।সময়তে মহানগৰখনৰ এটি হনুমান মন্দিৰ পুনৰ নিৰ্মাণৰ বাবে এক কোটি টকাৰ ভূমি আগবঢ়াইছে এজন ইছলাম ধৰ্মাৱলম্বী লােকে। বাংগালুৰুৰ পৰা সামান্য দূৰ গলেই ৩০ বছৰ পুৰণি হনুমান মন্দিৰটো পােৱা যায়; কিন্তু মন্দিৰটোৰ বাবে শেহতীয়াকৈ আহে এটা বেয়া বার্তা।

স্থানীয়ভাৱে এটি পথ বহল কৰিবলৈ আগবঢ়াৰ সময়ত মন্দিৰটোৰ মাটিৰ প্ৰয়ােজন হৈ পৰে। তদুপৰি পথৰ কাষত ভিৰ হ্ৰাস কৰিবলৈ মন্দিৰ দৰ্শনৰ বাবে অহা ভক্তৰ সংখ্যা হ্রাস কৰাৰ বাবেও নির্দেশ দিয়ে স্থানীয় প্রশাসনে। এই সমস্যাৰ সমাধানৰ বাবে স্থানীয় ব্যৱসায়ী এইছ এম জি বাচাৰ স’তে যােগাযােগ কৰে মন্দিৰ কর্তৃপক্ষই কাৰণ মন্দিৰটোৰ লগতে সংলগ্ন হৈ আছে ব্যৱসায়ীজনৰ বহুখিনি ভূমি।যি ভূমিত কাৰ্গ’ ট্রেন্সপ’ৰ্টৰ এটি কার্যালয় আছে ব্যৱসায়ীজনৰ।

মন্দিৰ কৰ্তৃপক্ষই উক্ত ভূমিৰ পৰাই এটি অংশ বিচাৰে মন্দিৰটোৰ বাবে। অতিৰিক্ত ভূমি লাভ কৰিলে মন্দিৰৰ প্ৰৱেশপথ আন দিশৰে মুকলি কৰাটো সম্ভৱ হােৱাৰ আশা প্ৰকাশ কৰিছিল মন্দিৰ কৰ্তৃপক্ষই। হনুমান মন্দিৰ কর্তৃপক্ষৰ পৰা দিয়া এই প্রস্তাৱত তমুহূর্ততে মান্তি হয় ব্যৱসায়ীজনে। মন্দিৰ কর্তৃপক্ষই বিচৰাতকৈও অধিক ভূমি দিয়াৰাে কথা জনায় ইছলাম ধৰ্মাৱলম্বী ব্যৱসায়ীজনে। ব্যৱসায়ীজনে দিবলৈ বিচৰা এই ভূমি খণ্ডৰ বজাৰ দৰ এক কোটি টকাতকৈও অধিক হ’ব। মন্দিৰ ন্যাসৰ সভাপতি এম ডি বাইৰেগােড়াই জনােৱা অনুসৰি পূৰ্বৰে পৰা মন্দিৰত অনুষ্ঠিত বিভিন্ন পূজা-পাতলত এইছ এম জি বাচাই উপস্থিত হয়। সেয়েহে মন্দিৰ কর্তৃপক্ষই অনুৰােধ জনালে ব্যৱসায়ীজনে ভূমি আগবঢ়াব বুলি আশা কৰিছিল।

Exit mobile version