বিটিচিত প্ৰমোদ বড়োৰ শাসনঃ ইউপিপিএলৰ সমৰ্থকৰ উল্লাস গোসাঁইগাঁৱত  

Screenshot 124

বিটিচি নিৰ্বাচনৰ ফলাফলৰ পাছত বিজেপিৰ গণসুৰক্ষা পাৰ্টিৰ সমৰ্থনত ইউপিপিএল দলে পৰৱৰ্তী চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে।ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হোৱাৰ খবৰ শুনি দলটোৰ কৰ্মী সমৰ্থক সকলৰ মাজত আনন্দ উল্লাস জোৱাৰ উঠিছে।

ঢাক ঢোল বজাই নৃত্য- গীতেৰে আনন্দত আত্মহাৰা হৈ পৰাৰ লগতে ফটকা ফুটাই পৰিৱেশ মুখৰিত কৰি তুলিছে।গোসাঁইগাঁও সদৰ চহৰকে ধৰি মহকুমাটোৰ সাপকাটা,মালাগুৰি,জাৰাগুৰি,মাকটাইগাঁও,ডাৱাগুৰী আদি অঞ্চলত আজি পুৱাৰে পৰা ইউপিপিএল দলৰ কৰ্মী সমৰ্থকে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি তোলা পৰিলক্ষিত হয়।

Exit mobile version