ঘণ্টাজুৰি বিপৰ্যস্ত হৈ থাকে গুগল

home social share lockup

প্ৰায় বিশ্বজুৰি ঘণ্টাৰ বাবে স্তব্ধ হৈ পৰিছিল গুগলৰ সকলোবোৰ পৰিসেৱা । গুগলৰ অন্যান্য পৰিসেৱাসমূহ সুপৰিকল্পিতভাৱে কাম নকৰিলেও চাৰ্চ ইঞ্জিন ভালদৰেই চলি আছিল ।

ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়া পাঁচ বজাত গুগলৰ কিছুসংখ্যক পৰিসেৱা বিকল হৈ পৰিছিল । পৰিসেৱাসমূহ বন্ধ হৈ পৰাৰ ফলত সমগ্ৰ বিশ্বতে গ্ৰাহকৰ মাজত হৈ-চৈৰ সৃষ্টি হৈ পৰে।

গুগলৰ পৰিসেৱা বন্ধ হৈ পৰা তালিকাত আছিল জিমেইল, ইউটিউব, গুগল ড্ৰাইভ, গুগল ডক, প্লে ষ্ট’ৰ, গুগল মিট, হেং আউটসহ বহু গুৰুত্বপূৰ্ণ পৰিসেৱা ।

গুগলৰ সূত্ৰ অনুসৰি, তেওঁলোকৰ গুগল চাৰ্ভাৰ ক্ৰেশ কৰাৰ বাবে এই পৰিসেৱাবোৰ স্তব্ধ হৈ পৰিছিল । প্ৰায় ঘণ্টাজুৰি পৰিসেৱা বন্ধ থকাৰ পাছত সন্ধিয়া ছয় বজাৰ পৰা স্বাভাৱিক হৈ পৰে ।

Exit mobile version