চিৰাঙৰ দংশীয়াপাৰাত বন্যহস্তী নিহত

minneriya

চিৰাঙৰ কুকলুং বনাঞ্চলৰ ১২ নম্বৰ ছেক্টৰৰ ১নং দংশীয়াপাৰাত বন্যহস্তী নিহত হয় । বন্যহস্তী হত্যাৰ ঘটনাত জড়িত বুলি বিজনী থানাৰ অন্তৰ্গত দংশীয়াপাৰাৰ লালচান্দ আলী নামৰ এজন লোকক সন্দেহ কৰিছে বন বিভাগে ।

দীৰ্ঘদিন ধৰি মানাহৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে কাষৰীয়া অঞ্চলত তাণ্ডৱ চলাই আহিছে । বন্যহস্তীৰ আক্ৰমণত বহু লোকৰ মৃত্যু, বহুতৰে ঘৰ ধ্বংশ হোৱাৰ লগতে খেতি পথাৰ ধ্বংশ হৈছে । বন্যহস্তীৰ অত্যাচাৰৰ পৰা ৰক্ষাৰ বাবে বন বিভাগে যি ব্যৱস্থা ল’ব লাগিছিল সেয়া নোলোৱাৰ বাবে নিতৌ বন্যহস্তীৰ তাণ্ডৱ চলিছে বুলি ক্ষোভ প্ৰকাশ কৰে ৰাইজে ।

সেয়ে সীমান্তৰ বহু লোকে বন্যহস্তীৰ পৰা ৰক্ষাৰ বাবে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে । বহুতেই নিজৰ খেতি পথাৰ ৰক্ষাৰ বাবে বৈদ্যুতিকৰণ কৰা আৰম্ভ কৰিছে । লালচান্দ আলীয়েও বৈদ্যুতিকৰণ কৰাৰ বাবেই বন্যহস্তীটো নিহত হোৱা বুলি বন বিভাগে সন্দেহ কৰিছে যদিও কোনো প্ৰমাণ লাভ কৰা নাই বন বিভাগে। তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ।

ইতিমধ্যে বন বিভাগৰ চিকিৎসকৰ দলে নিহত বন্যহস্তীটোৰ মৰনোত্তৰ পৰিক্ষা কৰাৰ পিচত সৎকাৰ কৰিছে ।

উল্লেখ্য যে চিৰাঙৰ পানবাৰী আৰু কুকলুং অঞ্চলত তিনিটাকৈ বন্যহস্তী বিদ্যুতপৃষ্ট হৈ নিহত হৈছে । কুকলুং বনাঞ্চলিক বিষয়া অবিনাস বসুমতাৰীয়ে সংবাদ মাধ্যমক জনায় যে, এই সন্দৰ্ভত সজাগতাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে ।

Exit mobile version