পাওলাে ৰােছিৰ শেষকৃত্যৰ সময়তে বাসগৃহত ডকাইতি

3339

ডিয়েগ’ মাৰাডােনাৰ পাছতে মৃত্যু হৈছিল বিশ্বকাপ ফুটবল ইতিহাসৰ আন এজন নায়ক পাওলাে ৰােছিৰ। যােৱা বৃহস্পতিবাৰে ইটালীৰ কিংবদন্তি ফুটবলাৰজনৰ মৃত্যু হয়। কিন্তু কালি ৰােছিৰ শেষকৃত্যৰ সময়তে তেওঁৰ বাসগৃহত লুটপাত চলায় দুষ্কৃতিকাৰীয়ে। পৰিয়ালৰ সকলাে লােকে শেষকৃত্যত ব্যস্ত থকাৰ সুযােগ গ্রহণ কৰি দুষ্কৃতিকাৰীয়ে নগদ ধনৰ লগতে কিছু মূল্যবান সামগ্রী লুট কৰি নিয়ে।

বাসগৃহত কোনাে লােক উপস্থিত নথকাৰ বাবে দুষ্কৃতিকাৰীয়ে দুৱাৰৰ তলা ভাঙি নির্বিঘ্নে চুৰিকার্য সম্পন্ন কৰে। যােৱা বৃহস্পতিবাৰে মৃত্যু হয় ১৯৮২ বিশ্বকাপৰ নায়ক ৰােছি। কালি ভেনিছৰ পা ৬০ কিলােমিটা নিলগৰ ভিচেঞ্জাত তেওঁৰ শেষকৃত্য সম্পন্ন হয়।

ইটালী সংবাদ মাধ্যমে জনাইছে যে ৰােছিৰ পত্নী ফেডেৰিকা কাপেলেটিয়ে শেষকৃত্য অনুষ্ঠানৰ অন্তত তাছকানিত থকা নিজগৃহত উপস্থিত হৈ চুৰিকাণ্ডৰ বিষয়ে অৱগত হয়। সেই সময়ত দুৱাৰৰ তলা ভঙা অৱস্থাত আৰু ভিতৰৰ সা-সামগ্রী লণ্ডভণ্ড হৈ আছিল।

দুষ্কৃতিকাৰীয়ে লুট কৰি নিয়া ধনৰ লগতে সামগ্ৰীৰ ভিতৰত আছে ৰােছিৰ এটা দামী ঘড়ী।ফেডেৰিকাই ইতিমধ্যে আৰক্ষীক অভিযােগ কৰাৰ পাছত তদন্ত আৰম্ভ হৈছে। ১৯৮২ বিশ্বকাপ ৰােছিৰ একক দক্ষতাৰ বলতে চেম্পিয়ন হৈছিল ইটালী। সেইবাৰ তেওঁ ছটা গ’ল দি ব্রাজিল, পশ্চিম জার্মানীৰ দৰে শক্তিশালী দলৰ বিৰুদ্ধে ইটালীৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

সেই বিশ্বকাপ আজিও ৰােছিৰ বিশ্বকাপৰূপেই চিহ্নিত হৈ আছে। অৱসৰৰ পাছৰে পৰা তেওঁ পৰিয়ালৰ স’তে ফ্লোৰেন্সৰ দক্ষিণ-পূৱৰ তাছকানিৰ পােজ্জিত’ ছেনিনাত বাস কৰিছিল। তাত তেওঁ এটা অর্গেনিক ফার্মিং কোম্পানী চলাইছিল। ইটালীত ৰােছি ইমানেই জনপ্রিয় আছিল যে ক’ভিড-১৯ৰ আশংকাকো উপেক্ষা কৰি কালি ভিচেঞ্জাত কে’বা হেজাৰ লােকে তেওঁৰ শেষকৃত্য অনুষ্ঠানত সমবেত হৈছিল।

ছান্তা মাৰিয়া আনুনছিয়াতা কেথিড্রেললৈ ৰােছিৰ কফিন কান্ধত বহন কৰি নিয়ে ১৯৮২ বিশ্বকাপ জয়ী দলৰ সদস্য মার্কো তার্দেল্লি,জিয়ানকার্লো আন্টোগনােনি, এন্টনিঅ’ কাব্ৰিনি আৰু ফুলভিঅ’ কলােটিয়ে। সমাধিস্থ কৰাৰ পূর্বে অনুৰাগীসকলে শ্রদ্ধাঞ্জলি জনােৱাৰ বাবে ৰােছিৰ মৃতদেহ ভিচেঞ্জাৰ ষ্টাডিয়াে ৰােমেয়াে মেণ্টিত ৰখা হৈছিল।

Exit mobile version