মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল হস্তী প্ৰদৰ্শনী

WhatsApp Image 2020 12 14 at 6.51.24 PM

পৰ্যটকৰ বাবে সুখবৰ কঢ়িয়াই বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই মুকলি কৰিছে পৰ্যটনৰ ক্ষেত্ৰত এক নতুন সংযোজন যাৰ নাম ‘এলিফেণ্ট শ্ব’ অৰ্থাৎ হস্তী প্ৰদৰ্শনী৷ এই হস্তী প্ৰদৰ্শনীৰ জৰিয়তে এতিয়া পৰ্যটকে মানাহত উপভোগ কৰিব পাৰিব পোহনীয়া হাতীক গা ধুওৱা, খাদ্য খুওৱা, নখ কাটি দিয়া ইত্যাদি বিভিন্ন কাৰ্য ৷

তদুপৰি হাতীৰ লগত জড়িত হাওদা, দুংচি, অংকুশ আদি বিভিন্ন সামগ্ৰীৰ স’তে চিনাকি হ’ব পাৰিব পৰ্যটকে৷ মানাহৰ বন বিভাগৰ ৪৫ টা পোহনীয়া হাতীক মাউতে কৰা নৈমিত্তিক পৰিচৰ্যাৰ দৃশ্য প্ৰদৰ্শনেৰে প্ৰতিদিনে এক নিৰ্ধাৰিত সময়ত পৰ্যটকক আমোদ দিয়া হ’ব এই হস্তী প্ৰদৰ্শনীৰ জৰিয়তে ৷

মানাহৰ বাঁহবাৰী ৰেঞ্জৰ মাউত কেম্পত ৰবিবাৰে এই হস্তী প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে মুকলি কৰে বন আৰু পৰিৱেশ বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেনে৷ উল্লেখযোগ্য যে থাইলেণ্ডৰ উপৰি ভাৰতত একমাত্ৰ তামিলনাডুৰ মুডুমালাই ৰাষ্ট্ৰীয় উদ্যানত এই হস্তী প্ৰদৰ্শনীৰ ব্যৱস্থা আছে ৷

অসমত পোনপ্ৰথমে মানাহতে এই প্ৰদৰ্শনী মুকলি কৰা বুলি জানিবলৈ দিয়ে মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মাই ৷ আনহাতে এই প্ৰদৰ্শনীৰ জৰিয়তে পৰ্যটকে এক সুকীয়া আমোদ ল’ব পাৰিব বুলিও ক্ষেত্ৰ সঞ্চালক শৰ্মাৰ উপৰি বন আৰু পৰিৱেশ বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেনে উল্লেখ কৰে ৷

উল্লেখ্য যে বাঁহবাৰী ৰেঞ্জৰ প্ৰৱেশদ্বাৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগতে থকা মাউত কেম্পৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত পৰ্যটকে অতি কম খৰচতে উপভোগ কৰিব পাৰিব এই হস্তী বিনোদন৷ ৰবিবাৰে এই হস্তী প্ৰদৰ্শনী মুকলিৰ সময়ত মানাহৰ বন বিভাগৰ বিষয়াসকলৰ উপৰি বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্ম প্ৰমুখ্যে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

Exit mobile version