টুইটাৰৰ হত্যাকাৰী ‘টাকাহিৰ’ ছিৰাইছি

1297074

টুইটাৰত হতাশা বা আত্মহত্যাৰ ইচ্ছা প্ৰকাশ কৰিলে যোগাযোগ কৰি অংগ প্ৰতংগ কাটি হত্যা কৰে জাপানৰ টুইটাৰ কিলাৰ ‘টাকাহিৰ’ ছিৰাইছি’য়ে (৩০) । নজন লোকৰ হত্যাৰ অভিযোগত টাকাহিৰ’ক ফাঁচীৰ আদেশ দিয়ে টকিঅ’ৰ এখন ন্যায়ালয়ে ।  টাকাহিৰ’ই হত্যা কৰা সকলৰ ভিতৰত এজন কিশোৰৰ বাহিৰে বাকী কেইগৰাকী কিশোৰী বা তৰুণী । সকলোৰে বয়স ১৫ৰ পৰা ২৬ৰ ভিতৰত ।

ন্যায়ালয়ত হত্যাৰ অভিযোগ‌ স্বীকাৰ কৰিছে টাকাহিৰ’এ । কিন্তু তেওঁৰ অধিবক্তাসকলে আজীৱন কাৰাবাসৰ বাবে আবেদন দিয়ে । অধিবক্তাসকলৰ যুক্তি আছিল, ‘নিহতসকলে টুইটাৰত আত্মহত্যাৰ পথ বাচি লৈছিল সেয়ে তেওঁলোকৰ সন্মতি আছিল । টাকাহিৰ’ই তেওঁলোকক সহায়হে কৰিছে ।’ বিচাৰকসকলৰ অনুসৰি, ‘নিহত নজনৰ ভিতৰত কোনোৱে হত্যাৰ সন্মতি দিয়া নাছিল । তেওঁলোকে নিৰৱ সন্মতিও দিয়া নাছিল ।’ এই যুক্তিতেই প্ৰাণদণ্ডৰ আদেশ দি বিচাৰকসকলে মন্তব্য কৰে, ‘নজন লোকৰ প্ৰাণ কাঢ়ি লোৱা হৈছে । এইটো এটা গুৰুত্বৰ অপৰাধ ।’
টাকাহিৰ’ৰ মূল লক্ষ্য আছিল মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰ বা কিশোৰীসকল । ছ’চিয়েল মিডিয়াত আত্মহত্যাৰ ইচ্ছা প্ৰকাশ কৰিলেই টুইটাৰৰ মাধ্যমেৰে যোগাযোগ কৰে টাকাহিৰ’ই । ইয়াৰ পাছত তেওঁলোকক আত্মহত্যাৰ পৰিকল্পনাত সহায় কৰে বা নিজেও তেওঁলোকৰ স’তে আত্মহত্যা কৰাৰ আশ্বাস দিয়ে । অৱশেষত নিজ বাসগৃহত মাতি অংগ প্ৰতংগ কাটি হত্যা কৰে তেওঁলোকৰ । ২০১৭ৰ আগষ্টৰ পৰা অক্টোবৰলৈকে নজন লোকৰ হত্যা কৰে । অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰে টাকাহিৰ’ । ইয়াৰ পাছতেই জাপানত তেওঁৰ নাম ‘টুইটাৰ কিলাৰ’ হিচাপে পৰিচিত হৈ পৰে ।
মংগলবাৰে টকিঅ’ৰ ন্যায়ালয়ৰ চূড়ান্ত নিৰ্ণয় শুনিবৰ বাবে ন্যায়ালয়ত প্ৰায় চাৰে চাৰিশ লোক গোট খায় । নিহতসকলৰ পৰিয়ালৰো বহু লোক উপস্থিত থাকে ন্যায়ালয়ত । এগৰাকী নিহত কিশোৰৰ পিতৃয়ে কয়, ‘এতিয়াও মোৰ ছোৱালীৰ বয়সৰ কোনো কিশোৰীক দেখিলে মোৰ জীয়ৰী যেনেই অনুভৱ হয় । টাকাহিৰ’ক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰো । তেওঁৰ বাবে ফাঁচীয়ে উপযুক্ত শাস্তি ।’

Exit mobile version