তিনিচুকীয়াত ট্ৰাকসহ ভেজাল মিঠাতেল জব্দ

Screenshot 132

তিনিচুকীয়াত তামোলবাৰীৰ পৰা সদৰ আৰক্ষীয়ে জব্দ কৰে মিঠাতেলভৰ্ত্তি ট্ৰাকখন ।

ট্ৰাকখনৰ নম্বৰ HR 46D 3879 ।

হালধিৰাম ভূজিয়াৱালা অইল এণ্ড ফেটছ নামৰ কোম্পানীটোৰ উৎপাদিত আছিল মিঠাতেলসমূহ ।

সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে তিনিচুকীয়াৰ সচেতন যুৱক প্ৰতাপ মৰাণে তিনিচুকীয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।

সেই এজাহাৰৰ ভিত্তিত হালধিৰাম ভূজিয়াৱালা অইল এণ্ড ফেটছ কোম্পানীটোৰ সৈতে জৰিত তিনিগৰাকী লোকক আটক কৰি তিনিচুকীয়া সদৰ আৰক্ষীয়ে  তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version