কৃষক আন্দোলনত ষড়যন্ত্ৰ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

freepressjournal 2020 11 27645b68 b6a2 4f17 be33 5bc86d08a1cd 3011 pti30 11 2020 000245b

কৃষক আন্দোলনৰ পাছত ‘ষড়যন্ত্ৰ’ৰ অভিযোগত অটল থাকিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । মংগলবাৰে গুজৰাটত অনুষ্ঠিত এখন অনুষ্ঠানত তেওঁ কয়, ‘দিল্লীৰ কৃষকসকলক বিভ্ৰান্ত কৰাৰ ষড়যন্ত্ৰ চলিছে । আমি কৃষক ভাই-ভনীসকলক কৈছো, তেওঁলোকৰ যিকোনো আশংকাই দূৰ কৰিবলৈ চৰকাৰ ২৪ ঘণ্টাই ৰাজি ।’ ইয়াৰ পূৰ্বেও প্ৰধানমন্ত্ৰীয়ে কৃষকসকলৰ প্ৰতিবাদত বিৰোধী দলে উচতনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল । প্ৰধানমন্ত্ৰী মোদীৰ ঘণ্টাজুৰা বক্তৃতাৰ মাজতেই দিল্লী-ছিংঘু সীমান্তত প্ৰতিবাদকাৰী কৃষক নেতাসকলে তেওঁৰ দাবী নাকচ কৰে ।

কৃষক মৰ্চাৰ নেতাসকলে কয় যে, প্ৰধানমন্ত্ৰীয়ে কেৱল কৈছে আমাক ভুল পথ দেখুওৱা হৈছে । এনেদৰে সমস্যাৰ সমাধান হ’ব নেকি? প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ‘মন কি বাত’ত কৈছে । কিন্তু কৃষকসকলৰ কথা শুনাৰ সময় তেওঁৰ নাই । যোৱা শনিবাৰে প্ৰধানমন্ত্ৰী মোদী ‘চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি’ (এফ আই চি আই) বাৰ্ষিক বৈঠকত উদ্যোগবোৰক কৃষিত মনোনিবেশ কৰিবলৈ আহ্বান জনাইছিল । তাকে কটাক্ষ কৰি এজন‌ কৃষক নেতাই কয়, ‘প্ৰধানমন্ত্ৰীয়ে কৈছে কৃষকসকলৰ স্বাৰ্থত আইন প্ৰস্তুত কৰা হৈছে ।

কিন্তু এফ আই চি আইৰ বাৰ্ষিকীত কৈছে, কৃষিত মনোনিবেশ কৰিবলৈ উদ্যোগপতিসকলক মুকলি কৰি দিছে ।’ দিল্লীলৈ যোৱা কে’বাটাও পথ ২০ দিন‌ জুৰি অৱৰোধ কৰাৰ পাছত এইবাৰ উদ্যোগবোৰেও অৱৰোধ উঠাই ল’বৰ বাবে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে । সোমবাৰে চি আই আইৰ অধিকাৰীসকলে কয় যে, পথ অৱৰোধ কৰাৰ ফলত পণ্য পৰিৱহণৰ খৰচ ৮-১০ শতাংশ বৃদ্ধি পাইছে । এফ আই চি আইৰ সভাপতি নিৰঞ্জন‌ হিৰানন্দানিৰ বক্তব্য অনুসৰি, প্ৰতিদিন অৰ্থনীতিত তিনি চাৰে তিনি হেজাৰ কোটি টকাৰ লোকচান হৈছে ।

নৰ্ডান ৰেলৱেৰ জেনেৰেল মেনেজাৰ আশুতোষ গংগলে জনাই যে, কৃষকসকলৰ অৱৰোধৰ ফলত ৰেলৰ ২০০০-২৪০০ কোটি টকাৰ ক্ষতি হৈছে । কৃষক নেতাসকলে কয় যে, আইন প্ৰত্যাহাৰ নকৰিলে তেওঁলোকে এক ইঞ্চু আঁতৰ নহয় । চৰকাৰে লাগিলে যিমানে বল প্ৰয়োগ নকৰক কিয় । এজন‌ কৃষক নেতাই কয়, ‘এই দেশত‌ এনেকুৱা প্ৰধানমন্ত্ৰী আছিল যিয়ে খোজকাঢ়ি কৃষকসকলৰ কাষত আহিছিল । আমি ভুল প্ৰধানমন্ত্ৰী বাছি লৈছো । তেওঁ ভগৱান নহয় সেৱক হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কৃষক, পশুপালকসকলক কয়, ‘কৃষকসকলক ভয় খোওৱা হৈছে, নতুন আইনৰ পৰিনামস্বৰূপে অন্য লোকে ভূমি দখল কৰি ল’ব বুলি । আপোনালোকেই কওক আপোনালোকে যেতিয়া গাখীৰ কিনাৰ চুক্তি কৰে তেতিয়া গৰুও লৈ যায় নেকি? পশুপালকসকলে‌ নিজ ইচ্ছামতে য’তেই ইচ্ছা গাখীৰ বিক্ৰী কৰিব পাৰে । ধান, ডালি খেতি কৰা সৰু কৃষকসকলৰ একেই স্বাধীনতা কিয় থাকিব নোৱাৰে? এই কৃষি আইন সংস্কাৰৰ দাবী বহু বছৰৰ ।’ এই প্ৰসংগত কৃষক নেতাই কয়, ‘আইনখন আমাৰ বাবে । আমি খাৰিজ কৰিছো ।’

Exit mobile version