চিৰাঙৰ বিজনীৰ চিকাঝোৰাত বন্য হস্তীৰ মৃত্যু

54a28082 1028 461a a9c8 5886582fd925

নিশা চিৰাঙৰ বিজনীৰ উত্তৰ সীমান্তৰ ২নং চিকাঝোৰা গাঁৱত বন্য হাতীৰ মৃত্যু হয়। মানাহ অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অাহি বন্য হস্তীৰ মৃত্যু হয়। বন্য হস্তীৰ মৃত্যু কেনেকৈ হ’ল সেইলৈ গাওঁবাসীয়ে ধৰিব পৰা নাই । বন্য হস্তীৰ মৃত্যুৰ পাছত ঘটনাস্থলিত বিজনী বনবিভাগৰ বিষয়াসকল উপস্থিত হৈ হাতীৰ মৃত্যুৰ তদন্ত চলায়।

চলিত মাহত চিৰাঙৰ বিজনীৰ উত্তৰাঞ্চলত চাৰিটাকৈ বন্য হস্তীৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। বন বিভাগ ব্যৰ্থ হৈছে বন্য হস্তীৰ ৰক্ষণাবেক্ষন দিয়াত। একেদৰে বন্য হস্তীৰ পৰা সীমান্তৰ গাঁওবাসীকো ৰক্ষণা বেক্ষণত ব্যৰ্থ হৈছে বন বিভাগ। ডব্লিউ ডব্লিউ এফ নামৰ বেচৰকাৰী সংস্থা এটাই বন্য হস্তীৰ পৰা ৰক্ষাৰ বাবে বৈদ্যুতিক ফেন্সিঙৰ নামত কোটি কোটি টকাৰ শৰাধ কৰিও বন্য হস্তীৰ ৰক্ষাৰ ক্ষেত্ৰত একো কৰিব নোৱাৰা পৰিলক্ষিত হৈছে।

Exit mobile version