তামিল নাডুত এগৰাকী কিশোৰীয়ে খাদ্য বনাই গঢ়িলে বিশ্ব অভিলেখ

download 2

মঙ্গলবাৰে চেন্নাইত তামিলনাডুৰ এগৰাকী কিশোৰয়ে খাদ্য বনাই গঢ়িলে ইউনিয়ন বুক অফ ৱৰ্ল্ড ৰেকৰ্ড । কিশোৰী গৰাকীয়ে ৫৮মিনিটত ৰান্ধি উলিয়ালে ৪৬বিধ খাদ্য। কিশোৰীগৰাকীৰ নাম এছ এন লক্ষ্মী ছাই শ্ৰী । লক্ষ্মীয়ে সংবাদ মাধ্যমক জনায় যে, তেওঁ ৰান্ধি ভাল পাই আৰু ইয়াৰ বাবে লক্ষ্মীক তেওঁৰ মাতৃয়ে প্ৰশিক্ষণ দিছিল। লক্ষ্মীৰ মাতৃ এন কালাইমাগলয়ে কোৱা মতে, তলাবন্ধৰ সময়ছোৱাত খাদ্য ৰন্ধা আৰম্ভ কৰিছিল লক্ষ্মীয়ে আৰু খাদ্যও ভাল বনাইছিল । মাকে যেতিয়া পাকঘৰত ব্যঞ্জন বনাই থাকে লক্ষ্মীয়েও মাকক সহায় কৰি দিয়ে ।

ADVERTISEMENT

লক্ষ্মীৰ মাতৃয়ে কয়, ‘মই বিভিন্ন ধৰণৰ পাৰম্পৰিক ব্যঞ্জন ৰান্ধো আৰু মই ৰন্ধা প্ৰণালীসমূহ লক্ষ্মীয়ে চাই থাকে। তেতিয়া লক্ষ্মীৰ পিতৃয়ে লক্ষ্মীৰ এই খাদ্য ৰন্ধনক লৈ কৰা আগ্ৰহ দেখি লক্ষ্মীক খাদ্য বনাই বিশ্ব ৰেকৰ্ড গঢ়াৰ চেষ্টা কৰিবলৈ উৎসাহ দিছিল। তাৰ পাছতে লক্ষ্মীৰ পিতৃয়ে অনুসন্ধান উলিয়াবলৈ আৰম্ভ কৰিছিল আৰু অনুসন্ধানত গম পালে যে কেৰালাৰ এগৰাকী ১০ বছৰীয়া কিশোৰীয়ে ৩০বিধ ব্যঞ্জন ৰান্ধিব পাৰে আৰু তেতিয়া তেওঁ বিচাৰিছিল যে লক্ষ্মীয়েও এই খাদ্য বনাই বিশ্ব ৰেকৰ্ডত নিজৰ নাম ৰখাটো ।’

Exit mobile version