বৃহৎ পৰিমাণৰ ড্ৰাগছ্সহ তিনিজনক আটক বটদ্ৰৱা আৰক্ষীৰ

Screenshot 133

কালি নিশা বটদ্ৰৱা আৰক্ষীয়ে বটদ্ৰৱাৰ শান্তিজান বজাৰৰ ওচৰত চলোৱা নিয়মীয়া তালাচী অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ ড্ৰাগছ্সহ তিনিজনক আটক কৰাৰ লগতে AS 02BC9298 নম্বৰৰ এখন বলেৰ’ পিকআপ গাড়ীও জব্দ কৰিবলৈ সক্ষম হয়।

ড্ৰাগছ্ সৰবৰাহৰ লগত জড়িত এই তিনিজন হ’ল আমিৰ উদ্দিন, আশ্বাদুল ইছলাম আৰু হিচমুল বাহাৰ। এই তিনিজন ড্ৰাগছ্ সৰবৰাহকাৰীৰ পৰা ১০ কাৰ্টুন ড্ৰাগছ্ উদ্ধাৰ কৰে। জব্দ কৰা এই ড্ৰাগছ্খিনিৰ মূল্য প্ৰায় ছয় লাখ হ’ব বুলি বটদ্ৰৱা আৰক্ষীয়ে জানিবলৈ দিয়ে।

বটদ্ৰৱাৰ দৰে অঞ্চলৰ পৰা ড্ৰাগছ্ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্র কৰি বৰ্তমান সমগ্র অঞ্চলটোতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে।

Exit mobile version