লাওখোৱা-বুঢ়াচাপৰি বনাঞ্চলত চলিছে অবাধ বন ধ্বংস অভিযান

Bee Eater copy

বন বিভাগৰ ৰহস্যজনক ভূমিকাঃ দুই-এটা চৰাই-চিৰিকতি উদ্ধাৰ কৰি বাহ: বাহ: লোৱাৰ চেষ্টা বন বিষয়াৰ

লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত গড়াজান আৰু সুঁতিৰপাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ অঞ্চলত বন ধ্বংস অব্যাহত থকাত সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। উত্থাপিত অভিযোগ অনুসৰি, অভয়াৰণ্যখনৰ এলেকাধীন গড়াজান, সুতিৰপাৰ এলেকাত বন্যপ্ৰাণী বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ আওকাণীয়া মনোভাৱৰ বাবেই চোৰাং মৎস্য ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি জলাশয়সমূহত অবৈধভাৱে মৎস্য চিকাৰ কৰি আহিছে।

আনকি, শীতকাল অহাৰ লগে লগেই উক্ত বনাঞ্চলসমূহত দেশ-বিদেশৰ পৰা অহা বিৰল প্ৰজাতিৰ পৰিভ্ৰমী চৰাইসমূহ নিধন কৰাৰ অভিযোগো বহু পুৰণি। ইমানেই নহয়, উক্ত বনাঞ্চলসমূহত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে মূল্যৱান গছ- গছনি কাটি তহিলং কৰাৰ ক্ষেত্ৰত ৰহস্যজনক ভূমিকা গ্ৰহণ কৰি আহিছে বন বিভাগৰ লোকে।

এনেধৰণৰ গুৰুতৰ অভিযোগ সততে উত্থাপিত হৈ অহাৰ সময়ত বন বিভাগৰ লোকে মাজে সময়ে দুই-এটা বনৰীয়া চৰাই উদ্ধাৰ কৰি সংবাদ মাধ্যমৰ আগত বাহ: বাহ: কৰি অহা কাৰ্যক লৈ অঞ্চলটোৰ সচেতন ৰাইজে প্ৰায়ে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে, বন বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ লগত মিতিৰালিৰে অঞ্চলটোৰ পৰা দৈনিক বহু সংখ্যক পৰিভ্ৰমী চৰাই নিধন হৈ আছে ।

ৰাইজক আভুৱা ভাৰিবলৈ চোৰাং চিকাৰীৰ পৰা দুই-এটা চৰাই উদ্ধাৰ কৰি চমক দিয়াৰ চেষ্টা চলাই আহিছে যদিও কোনো এজন চিকাৰীকে কাৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ । আজিও জুৰীয়াৰ সুতিৰপাৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ বন বিভাগৰ এটা দলে লাওখোৱা অভয়াৰণ্যৰ সমীপৰ লালুং গাঁৱত অভিযান চলাই তিনিটাকৈ কাম চৰাই উদ্ধাৰ কৰাৰ লগতে চোৰাং চিকাৰীয়ে ব্যৱহাৰ কৰা অডিঅ’ প্লেয়াৰ, জাল আদি অন্যান্য সামগ্ৰী জব্দ কৰে।

Exit mobile version