মাতৃ আৰু কন্যাই একেলগে সম্পন্ন কৰিলে বিবাহ। উত্তৰ প্ৰদেশৰ গােৰখপুৰত আয়ােজিত সমূহীয়া বিবাহত এদিৰে একেলগে বিবাহ সমাপন কৰে এই মাতৃ-কন্যাই। ঘটনাটো শুনি বহুতে আচৰিত হৈছে যদিও এই কথা কিন্তু সম্পূর্ণভাৱেই সঁচা। মাতৃ আৰু কন্যাৰ মাজত বয়সৰ যথেষ্ট পার্থক্য থাকিলেও দুয়ােৰে বাবে বয়স হৈ পৰিল মাত্ৰ একোটা সংখ্যাহে। ভাৰতত সামূহিক বিবাহ অতিকৈ সাধাৰণ ঘটনা। কেতিয়াবা চৰকাৰীভাৱে এনে সমূহীয়া বিবাহ অনুষ্ঠিত হয়। বহু সময়ত আকৌ স্বেচ্ছাসেৱী সংগঠন অথবা ব্যক্তিগত উদ্যোগতাে এনে সামূহিক বিবাহ অনুষ্ঠিত হয়।
উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যােগী আদিত্য নাথেও গােৰখপুৰত শেহতীয়াকৈ এনে এক সমূহীয়া বিবাহৰে আয়ােজন কৰিছিল। মুখ্যমন্ত্ৰীৰ সামূহিক বিবাহ যােজনা’ৰ অধীনত ইয়াৰ আয়ােজন কৰা হৈছিল। তাতেই এইদৰে একেলগে বিবাহ পাশত আবদ্ধ হয় মাতৃ-কন্যা। মাতৃগৰাকীৰ নাম বেলি দেৱী; বর্তমান ৫৩ বছৰ বয়স। মহিলাগৰাকীৰ স্বামী হৰিহৰৰ ২৫ বছৰ পূর্বেই মৃত্যু হৈছে। স্বামীৰ মৃত্যুৰ পাছত পাঁচোটিকৈ সন্তানক এককভাৱেই তেওঁ ডাঙৰ-দীঘল কৰে।
ইয়াৰ মাজতে দুটিকৈ কন্যা আৰু দুটিকৈ পুত্ৰৰ বিবাহাে সম্পন্ন কৰে। বাকী আছিল কনিষ্ঠ কন্যাৰ বিয়া। সামূহিক এই বিয়াত কনিষ্ঠা কন্যা ইন্দুৰ বিবাহ সম্পন্ন কৰিবলৈ স্থিৰ কৰে মাতৃয়ে; কিন্তু ২৭ বছৰ বয়সীয়া কনিষ্ঠা কন্যাৰ বিয়াৰ সমান্তৰালভাৱে বেলি দেৱীয়ে নিজেও সম্পন্ন কৰিলে বিবাহ। মৃত স্বামীৰ ভ্ৰাতৃ অর্থাৎ দেওৰেকৰ স’তেই তেওঁ নিজৰ বিয়াত বহে। দ্বিতীয় স্বামীৰ নাম জগদীশ। বৃত্তিত কৃষক জগদীশৰ বর্তমান ৫৫ বছৰ বয়স। জগদীশাে বর্তমানলৈ অবিবাহিত হৈয়ে আছিল। ৰাজ্য চৰকাৰৰ এই সামূহিক বিবাহত ৬৩ যােৰা দৰা-কইনাই বিবাহ সম্পন্ন কৰে। ইয়াৰ ভিতৰত এযােৰ ইছলাম ধৰ্মাৱলম্বীও আছিল।
নিজৰ বিয়াৰ সন্দৰ্ভত বেলি দেৱীয়ে কয়, ‘মােৰ দুই পুত্র আৰু দুই কন্যাৰ ইতিমধ্যে বিয়া হৈ গৈছে। সেয়েহে কনিষ্ঠা কন্যাৰ বিয়াতেই মৃত স্বামীৰ ভ্ৰাতৃৰ স’তে বিয়াত বহাৰ সিদ্ধান্ত ল’লাে। এই বিয়াত মােৰ আটাইকেইটা সন্তানৰাে সন্মতি আছে। ইন্দুৰ বিয়া হয় ২৯ বছৰ বয়সীয়া ৰাহুল নামৰ যুৱক এজনৰ স’তে; কিন্তু নিজতকৈও মাতৃৰ বিয়াক লৈ অধিক আনন্দিত ইন্দু। মাতৃৰ বিয়াক লৈ ইন্দুৱে কয়, ‘মােৰ মা আৰু খুৰাই লগ লাগি মােৰ বিয়া ঠিক কৰে। ইমানদিনে দুয়াে লগ লাগি আমাৰ দায়িত্ব পালন কৰিছে। এতিয়া দুয়াে নিজ নিজৰ দায়িত্ব লব পাৰিব। এই ঘটনা সন্মুখলৈ অহাৰ পাছত বহু লােকআচৰিত হলেও অধিক সংখ্যকেই আনন্দিত হৈছে। ইয়াৰ বহু সংখ্যক ইন্দুৰ মাতৃৰ এই সিদ্ধান্তক সমর্থনাে জনায়।