চিৰাঙৰ দংশীয়াপাৰাত নিশা বন্য হস্তীৰ তাণ্ডৱ

WhatsApp Image 2020 12 17 at 12.34.25 PM

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত কুকলুং বনাঞ্চলৰ ১নং দংশীয়াপাৰা গাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ । আজি মাজ নিশা বনৰীয়া হাতীৰ এটা জাকে ছাইফুল ইছলাম, শুকুৰ আলী আৰু আফজাল আলীৰ  ঘৰ ভাঙি লণ্ডভণ্ড কৰি ঘৰৰ সামগ্ৰীৰ বিস্তৰ ক্ষতি সাধন কৰে।

মানাহ ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা বন্য হস্তীৰ  জাকে নিতৌ মানাহ সংলগ্ন অঞ্চলত সন্ত্ৰাস চলায় আহিছে । কৃষকৰ খেতি নষ্ট কৰাৰ লগতে ঘৰ দুৱাৰ ভাঙে । প্ৰায়েই সীমান্ত অঞ্চলত বন্য হস্তীৰ আক্ৰমণত মানুহ আহত হোৱাৰ লগতে নিহত হোৱাৰ ঘটনাও সংঘটিত হয় ।

ৰাইজৰ অভিযোগ বন বিভাগে এই ক্ষেত্ৰত বিশেষ কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ নাই কৰা । লগতে ক্ষতি গ্ৰস্ত পৰিয়ালক  ক্ষতি পূৰণ দিবলৈ দাবী জনাই স্থানীয় ৰাইজে ।

Exit mobile version