হিংসাৰ আশ্ৰয় নোলোৱাকৈ অব্যাহত ৰাখিব পাৰিব কৃষক বিক্ষোভ প্ৰতিবাদ

image

বিগত ২৩দিন ধৰি অব্যাহত আছে কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী । ‘বৰ্তমানেও চলাই নিব পাৰিব কৃষকসকলৰ বিক্ষোভ প্ৰতিবাদ। কিন্তু অৱৰোধ কৰিব নোৱাৰিব ৰাজধানী দিল্লী’, এই মন্তব্য প্ৰদান দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ । ন্যায়ালয়ে কৃষিৰ স্বতন্ত্ৰ প্ৰতিনিধিৰ এখন কমিটি হস্তান্তৰৰ পোষকতা কৰে।এই বিষয়ত প্ৰতিবাদী কৃষক আৰু চৰকাৰৰ মতামত লৈ এই সন্দৰ্ভত কৰিবলগীয়া কাৰ্যকলাপৰ সম্পৰ্কে পৰামৰ্শ দিব লাগিব।

ADVERTISEMENT

লগতে তেওঁ কয় যে এই প্ৰতিবাদ হিংসাত্মক নোহোৱাকৈ অব্যাহত ৰাখিব পাৰিব ।এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰিব নোৱাৰিব। কে’বাখনো আৱেদনৰ শুনানিৰ অন্তত মুখ্য ন্যায়াধীশে কয় যে, কেন্দ্ৰই এই বিষয়ত কোনো সমাধান উলিয়াব পৰা নাই আৰু এই ক্ষেত্ৰত কৃষকসকলেও তেওঁলোকৰ দাবীত অটল আছে । সেয়েহে এই সিদ্ধান্ত কমিটিখনে লোৱা উচিত।

Exit mobile version