আজি পশ্চিম কাৰ্বি আংলঙৰ জেৰখাং হাৰলংচৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এখন অত্যাৱশ্যকীয় পানী যোগান আঁচনিৰ। হামৰেণ সংমণ্ডল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ইতিমধ্যে নিৰ্মাণ আৰু বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থাৰে সম্পূৰ্ণ কৰি তোলা আঁচনিখনৰ উদ্বোধন কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে।
উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সন্মুখীন হৈ অহা বিশুদ্ধ খোৱাপানী সমস্যা আৰু অভাৱৰ প্ৰতি লক্ষ্য ৰাখি ৰূপায়ন কৰা হয় এই পানী যোগান আঁচনিখন। আঁচনিৰখনৰ শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিভাগীয় বিষয়া-কৰ্মচাৰী, গ্ৰাম্য উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, শাসকীয় দলৰ নেতা কৰ্মীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।
ইতিমধ্যে অঞ্চলটোৰ দুই বৰ্গ কিলোমিটাৰ অন্তর্গৰ মুঠ ৩২ পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ আৰু পানী যোগানৰ বাবে নল অৰ্থাৎ টেপ আদি স্থাপন কৰা হৈছে বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। লগতে অনাগত দিনত যোগান ক্ষমতা বৃদ্ধি কৰি উক্ত আচঁনিখনৰ অধীনত অঞ্চলটোৰ আৰু অধিক পৰিয়ালক সামৰি লৈ বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা হাতত লব বুলিও উল্লেখ কৰে বিভাগীয় উচ্চ পদস্থ বিষয়া তৰণী ৰংপিয়ে।






























