চিৰাঙৰ আমতোলা বালাপাৰা খেলপথাৰ প্ৰাঙ্গণত চাওঁতাল ছাত্ৰ সন্থাৰ বিজয় উৎসৱ

85b85e24 8e77 4716 97b9 2fb243d6125b

চিৰাঙৰ আমতোলা বালাপাৰা খেলপথাৰ প্ৰাঙ্গণত চাওঁতাল ছাত্ৰ সন্থাৰ বিজয় উৎসৱ। বিজয় উৎসৱৰ দিনাই সংগঠনটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। লগতে  বিটিচিৰ মিত্ৰযোট চৰকাৰখনে চাওঁতাল জনগোষ্টীৰ সৰ্বাংগীন উন্নয়ণৰ বাবে উইলছন হাচদাক মনোনিত সদস‍্য দিয়াত আদৰণি জনায়।

ইয়াৰ উপৰিও  বিটিচিৰ কাৰ্যৱাহী সদস্য হিচাপে মনোনীত কৰাৰ বাবে মিত্ৰযোট চৰকাৰক আহ্বান জনায় চিৰাং জিলা চাওঁতাল ছাত্ৰ সন্থাৰ সভাপতি ছলেমান মুৰ্মুয়ে। যদি উইলছন হাচদাক কাৰ্যৱাহী সদস্য পদ দিয়া নহয় তেন্তে অনাগত বিধান সভা নিৰ্বাচনত মিত্ৰযোট চৰকাৰখনক সমৰ্থন দিয়াত অসুবিধা হব বুলি চলেমান মুৰ্মুয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

Exit mobile version