কংগ্ৰেছৰ বিক্ষোভ নেতাসকলৰ স’তে আলোচনাত মিলিত হ’ব ছোনিয়া গান্ধী

Sonia Rahul Gandhi 1200

কংগ্ৰেছৰ ক্ষুদ্ধ নেতাসকলৰ স’তে কংগ্ৰেছ দলৰ বৈঠক । আজি পুৱা ১০ বজাত জনপথত ছোনিয়া গান্ধীৰ স’তে আলোচনাত মিলিত হ’বলৈ যায় গুলাম নবি আজাদ, আনন্দ শর্মা, বিএছ হুডা, অম্বিকা ছোনি, পি চিদম্বৰমৰ দৰে দলৰ প্রবীণ আৰু শীর্ষস্থানীয় নেতাসকল । সূত্ৰ অনুসৰি, যি ২৩ জন নেতাই দলৰ নেতৃত্ব আৰু ভূমিকাক লৈ সৰৱ হৈছিল তেওঁলোকৰ বহুকেইজন নেতাই উপস্থিত থাকে বৈঠকখনত ।

দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ নেতৃত্বক লৈ এক হেতা-ওপৰাৰ সৃষ্টি হৈছে । দলৰ পৰিকাঠামো সলনি কৰাটো প্ৰশ্ন উত্থাপন কৰা হৈছে । অৱশেষত দীৰ্ঘদিন হেতা-ওপৰাৰ পাছত সকলোবোৰ সমস্যা সমাধানৰ বাবে তৎপৰ ছোনিয়া গান্ধী । সূত্ৰ অনুসৰি, ১০ দিনৰ পাছতে এখন বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠকত নেতৃত্বক লৈ যি দাবীৰ উত্থাপন হৈছিল তাৰো সমাধানৰ পথ উলিওৱা হ’ব । কংগ্ৰেছৰ নতুন সভাপতি এতিয়াৰ পৰাই বাছনি কৰা হৈছে বুলি মত পোষণ কৰে বিশেষজ্ঞসকলে ।

শুক্ৰবাৰে কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বিপ সিং ছোৰজেৱালাই ঐক্যতাৰ বাৰ্তা দি কয়, ‘আমি এটাই পৰিয়াল । সমস্যাৰ দ্ৰুত সমাধান হ’ব। দলৰ নতুন সভাপতি বাছনি কাৰ্য অতি শীঘ্ৰেই আৰম্ভ কৰা হ’ব‌ ।’

লগতে ছোৰজেৱালাই কয় যে, তেওঁ দৃঢ় বিশ্বাসী ৯৯.৯৯ শতাংশ নেতাই ৰাহুল গান্ধীক তেওঁলোকৰ পৰৱৰ্তী নেতা হিচাপে নিৰ্বাচন কৰিব । মোদী চৰকাৰক প্ৰত্যাহ্বান দিবৰ বাবে ৰাহুল গান্ধীয়ে আদৰ্শ নেতা বুলি দাবী কৰে ছোৰজেৱালাই । এই বৈঠকত দলটোক সঠিক পথ দেখুওৱাব পাৰিব নে নাই সেয়াও লক্ষ্যণীয় হ’ব ।

Exit mobile version