কৰ’নাৰ কালতাে ব্যাপক উপার্জন

Akshay

২০২০ বর্ষতাে ক’ভিড-১৯ৰ ব্যাপক সংক্রমণৰ ফলত সকলােৰে উপার্জনৰ দিশ বিশেষভাৱে প্ৰভাৱিত হৈছিল। কিন্তু কৰ’নাৰ এনে সংক্রমণৰ কালতাে একাংশ। লােকে নিজৰ উপার্জন বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল। এনে এজন ভাৰতীয় ব্যক্তি হৈছে। অভিনেতা অক্ষয় কুমাৰ। কৰ’নাকালতাে নিজৰ উপার্জন বৃদ্ধিৰে বিশ্বখ্যাত ফ’বছ আলােচনীৰ এশজনীয়া সর্বাধিক পাৰিশ্ৰমিক লাভ কৰা ব্যক্তিৰ তালিকাত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হ’ল অক্ষয়।

উল্লেখ্য যে এই তালিকাত স্থান লাভ কৰা অক্ষয়ে হৈছে একমাত্র ভাৰতীয়। এইবাৰৰ ফ’বছৰ তালিকাত অক্ষয়ে ৫২ সংখ্যক স্থান লাভ কৰিছে। ফ’বছৰ তথ্য অনুসৰি ২০২০ত বলিউডৰ এইজন অভিনেতাই ৪৮.৫ নিযুত ডলাৰ অর্থাৎ ভাৰতীয় মূল্যত ৩৬৫ কোটি টকা উপার্জন কৰিছিল।

অৱশ্যে যােৱা বছৰত অক্ষয়ে ৪৪৪ কোটি টকা উপার্জনেৰে এই তালিকাত ৫১ সংখ্যক স্থান দখল কৰিছিল। উপার্জনৰ ক্ষেত্ৰত যােৱা বছৰতকৈ অক্ষয়ে চলিত বৰ্ষত ৮৮ কোটি টকা কম উপার্জন কৰিলে।অক্ষয়ে উপার্জনৰ দিশত জেকি চেন আৰু জেনিফাৰ ল’পেজক অতিক্রম কৰিবলৈ সক্ষম হ’ল। ২০২০ত অক্ষয় অভিনীত এখন ছবিয়েহে মুক্তি লাভ কৰিছিল। চলচ্চিত্ৰৰ লগতে বিজ্ঞাপনৰ জৰিয়তে অক্ষয়ে নিজৰ উপাৰ্জন কৰ’নাকালতাে বৃদ্ধি কৰিবলৈ সক্ষম হ’ল।

Exit mobile version