চিৰাঙৰ বিজনীৰ বামুণীঝৰাত শোকাকুল পৰিৱেশ

WhatsApp Image 2020 12 19 at 5.20.39 PM

চিৰাং জিলাৰ বিজনীৰ বামুণীঝৰাত শনিবাৰে এক শোকাকুল পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। গাঁওখনৰ নিবাসী গোপেশ দাসৰ পত্নী অমলা দাস(৬৩) সুদীৰ্ঘ এবছৰ ন মাহজুৰি কোকৰাঝাৰ ডিটেনচন কেম্পত আৱদ্ধ হৈ আছিল। কিন্তু চাৰি দিন পূৰ্বে স্বামী গোপেশ দাসৰ মৃত্যু হোৱাত হিন্দু ৰীতি-নীতি পালন কৰাৰ বাবে ঘৰলৈ অহাৰ অনুমতি পায় ।

২৪ ঘন্টাৰ বাবে জামিন লাভ কৰে যদিও বিভাগীয় নীতিৰ মাজেৰে আহি ঘৰ পাওঁতে মাত্ৰ তিনি ঘন্টা কটাবলৈ পায় ঘৰত। ঘৰলৈ অহাৰ পাছতেই অমলা দাসসহ পৰিয়ালৰ লোক শোকত ভাগি পৰা পৰিলক্ষিত হয়। ভাৰতীয় নাগৰিকৰ উপযুক্ত নথি-পত্ৰ থকাৰ পাছতো ডিটেনচন কেম্পত প্ৰক্ষেপ কৰা অমলা দাসক পুনৰ ঘূৰাই লৈ যাৱলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে সদৌ বিটিআৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ চিৰাং জিলা সম্পাদক ৰাহুল ঘোষে ।

কমলা দাস আৰু অমলা দাস (ক আৰু অ আখৰৰ) নাম বিভ্ৰান্তিৰ বাবে বিদেশী সজাই চৰকাৰে ডিটেনচন কেম্পত আৱদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ জমছেৰ আলীয়ে।

বিগত পাঁচ-ছয় দিনৰ পৰাই জামিনৰ চেষ্টা কৰিও বিফল পৰিয়ালটোৰ ওচৰত জমশ্বেৰ আলীৰ সহায়তহে ২৪ ঘন্টাৰ বাবে জামিন লাভ কৰে । ঘৰলৈ আহি বৈধব্য জীৱনৰ কৰিবলগীয়া ধৰ্মীয় নিয়ম নীতি কৰি পুণৰ ডিটেনচন শিবিৰলৈ লৈ যায় অমলা দাসক।

Exit mobile version